/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/cc305bf4-f2b4-476c-a04f-c82b108ef4de/paragjyoti_8.jpg)
সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা...
ডিজিটেল সংবাদ গুৱাহাটীঃ অসমীয়া ভাষা আৰু সাহিত্যৰ এগৰাকী দিগগজ সমালোচক, শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, কটন মহাবিদ্যালয় (বৰ্তমান বিশ্ববিদ্যালয়) ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, ৯৬ বৰ্ষীয়ান সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাক আজি মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱন পৰাগজ্যোতি প্ৰকাশনৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতাই কয়- "কম পৰিসৰত অনেক কথা ক'ব, লিখিব পৰা এজন শক্তিশালী লেখক উপেন্দ্ৰ নাথ শৰ্মা ছাৰ।ওৰেটো জীৱন সাহিত্য সাধনা, চেতনা জাগ্ৰত ৰচনাৰে অসমীয়া সাহিত্যৰ ভৰাল কপকপীয়া কৰিছে।"
সাহিত্যচাৰ্য অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাই সম্বৰ্দ্ধনা গ্ৰহণ কৰি কয়- "কবি, সাহিত্যিক, শিল্পী সমাজে এই সমাজখনৰ পৰা অৰিয়া অৰি গুচাব লাগে। সকলো কথা কাম আলোচনাৰ ভিতৰলৈ আনি ইয়াৰ আশু সমাধান কৰিব লাগে।"
তীক্ষ্ণধী চিন্তাবিদ অধ্যাপক শৰ্মাই কয়- "আখ্যান ৰীতিৰ স্বত:স্ফূৰ্ততা, বাস্তৱৰ নিৰ্মোহ ৰূপায়ণ আৰু ভাষাৰ সৃষ্টিধৰ্মী প্ৰয়োগ থাকিব লাগিব সাহিত্য সৃষ্টিৰাজিত । উন্নত কবিতা, চুটি গল্প, উপন্যাস বা অন্য সাহিত্যবোৰতো জীৱন বোধ, সমাজৰ ছৱি অংকিত থাকিব লাগে । অসমীয়া সাহিত্য যথেষ্ট ধৰণেৰে আগুৱাই গৈ আছে । ন-লেখক লেখিকাসকলে প্ৰচুৰ পৰিমাণত অধ্যয়ন, অনুশীলন, আত্মসমালোচনা কৰিব লাগে । বঁটা-বাহনৰ পিচত দৌৰিব নালাগে । তেতিয়াহ'লে আৰু উন্নত সৃষ্টি হ'ব ।"
প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই কয়- "নীৰৱে সাহিত্য চৰ্চা কৰা, সূক্ষ্ম বিশ্লেষণৰ অধিকাৰি উপেন্দ্ৰ নাথ শৰ্মা চাৰৰ পৰা আজিৰ প্ৰজন্মই বহু শিকিবলগীয়া আছে । প্ৰজ্ঞাৰ সাধনাৰে গোটেই জীৱন অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিৰ হকে কাম কৰা, এজন ভদ্ৰ, সহজ-সৰল, বিনয়ী, নিহংকাৰী, গুৰু গম্ভীৰ, শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী শৰ্মা ছাৰ । ছাৰ সুস্বাস্থ্যৰে জীয়াই থাকি আৰু অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰক ।" অনুষ্ঠানত কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্টা লেখিকা এলিজা শৰ্মাও উপস্থিত আছিল ।
Also Read: ’কানেক্ট-৫’ ৰ সৌজন্যত দুদিনীয়া কায্যসূচীৰে ’সংক্ৰান্তি মেলা’ৰ আয়োজন..