’কানেক্ট-৫’ ৰ সৌজন্যত দুদিনীয়া কায্যসূচীৰে ’সংক্ৰান্তি মেলা’ৰ আয়োজন..

’কানেক্ট-৫’ ৰ সৌজন্যত দুদিনীয়া কায্যসূচীৰে ’সংক্ৰান্তি মেলা’ৰ আয়োজন..

author-image
Asomiya Pratidin
New Update
’কানেক্ট-৫’ ৰ সৌজন্যত দুদিনীয়া কায্যসূচীৰে ’সংক্ৰান্তি মেলা’ৰ আয়োজন..

’কানেক্ট-৫’ ৰ সৌজন্যত দুদিনীয়া কায্যসূচীৰে ’সংক্ৰান্তি মেলা’ৰ আয়োজন..

ডিজিটেল সংবাদ গুৱাহাটীঃ আগন্তক ভোগালী বিহু, পোংগল, উত্তৰায়ণ,লোহৰী উপলক্ষে অহা ৯ আৰু ১০ জানুৱাৰী তাৰিখে ’কানেক্ট ৫’ ৰ সৌজন্যত গুৱাহাটী মহানগৰীৰ জোনালীস্থিত দুৰ্গা মন্দিৰৰ (সনাতন ধৰ্ম সভা) প্ৰাঙ্গণত দুদিনীয়া কায্যসূচীৰে এখনি ’সংক্ৰান্তি মেলা’ৰ আয়োজন কৰা হৈছে৷ মহিলাৰ সৱলীকৰণৰ অৰ্থে ক্ষুদ্ৰ উদ্যোগৰ যোগেদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী উদ্যমী মহিলাসকলৰ স্বদক্ষতাৰে নিৰ্মিত বিবিধ হস্ত শিল্পৰ সামগ্ৰী আৰু খাদ্যৰ বিক্ৰী তথা প্ৰদৰ্শনীৰ উদ্দেশ্যে এই সংক্ৰান্তি মেলাৰ আয়োজন কৰা হৈছে৷

Advertisment

উক্ত প্ৰদৰ্শনী ৯ জানুৱাৰী তাৰিখে পুৱা ১০ বজাত ’অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প’ৰ বিত্তীয় সেৱা বিশেষজ্ঞ নিতিন সিং মহোদয়ে মুকলি কৰিব৷ প্ৰদৰ্শনীখনত আমন্ত্ৰিত অতিথি বিগ এফ এমৰ জনপ্ৰিয় আৰ জে সুজিতা, আৰ জে আলিয়া, সহকাৰ ভাৰতীৰ মহিলা প্ৰমুখ শ্ৰীযুতা মিনাক্ষী দেৱী উপস্থিত থাকিব৷

তদুপৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অন্যান্য আমন্ত্ৰিত ব্যক্তিসকল ক্ৰমে কিৰণ বড়ো, ববী পাটগিৰি, স্তুতি হাজৰিকা, মিনাক্ষী শ্যাম, কবিতা বৰা, কাকলি হাজৰিকা,মৃদুল বৰুৱা, দৰ্শনা বৰুৱা আদিকে কৰি বিভিন্ন ব্যক্তি উপস্থিত থাকিব৷ আগন্তক ভোগালী বিহু তথা অন্যান্য উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীখনত উপলব্ধ হ'ব বিবিধ ধৰণৰ সাজ-পোচাক, গহনা, বিবিধ ধৰণৰ হস্ত নিৰ্মিত সামগ্ৰী তথা ভিন্ন সোৱাদৰ খাদ্য সম্ভাৰ উপলব্ধ হ'ব৷ প্ৰদৰ্শনীৰ দুয়ো দিনত সকলো ৰাইজৰ উপস্থিতি আশা কৰিছে আয়োজকসকলে।

Also Read: গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিয়া বিলকিস বানোৰ ১১ ধৰ্ষণকাৰী পুনৰ যাব লাগিব জেললৈ...

সংক্ৰান্তি মেলা