/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5461915b-fb0b-4868-b2e9-05ec445c5859/36.jpg)
ডিজিটেল ডেস্ক : মহানগৰীৰ অভিজাত শিক্ষানুষ্ঠান মাৰিয়া মণ্টেশ্বৰীৰ প্ৰাক্-প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিকৰ শিক্ষাৰ্থীসকলক ভোগালী বিহুৰ বিভিন্ন কাৰ্যসূচীৰ এক আকৰ্ষণীয় শিক্ষণ কাৰ্যসূচী আজি ৰূপায়ণ কৰা হয়। ঢেঁকীত পিঠাগুড়ি খুণ্ডাৰ পৰা তিলপিঠা, ঘিলাপিঠা, দৈ-চিৰাৰ জলপান আদি ভোগৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ শিক্ষা প্ৰদানৰ লগতে অন্যান্য খাদ্য সম্ভাৰ প্ৰদৰ্শনো কৰোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/89f2c87b-4569-42c2-8eb6-cdeaa674fc26/c7fd5f77_0ec2_446e_bb71_4e35ee763ab8.jpg)
ইয়াৰ ভিতৰত দৈ-চিৰা, নাৰিকলৰ লাড়ু তেলপিঠা, গুড়, মাহকৰাই, মুড়ি লাড়ু, গুৱাপাণ, চুঙাপিঠা আদি সা-সামগ্ৰীৰ লগতে কাঁহৰ কাহী, বানবাতিৰ পৰা চাউল, পিঠাগুড়ি চলা চালনি, ডলা, কুলা, খৰাহী, চালনিৰ উপৰি বিহুৰ দিনা পুৱা জ্বলাবলগীয়া মেজি আৰু মেজিৰ জুইত পুৰি খোৱা কাঠআলু, মিঠাআলু, মোৱাআলু আদিও প্ৰদৰ্শন কৰাই উক্ত সা-সামগ্ৰীৰ সৈতে চিনাকি কৰাই দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fe741983-0891-44a0-b40b-5c2cb180fe5e/68da1591_f835_40c1_a36b_8edf9155830b.jpg)
এই সমুদায় সা-সামগ্ৰী প্ৰস্তুত আৰু প্ৰদৰ্শনৰক্ষেত্ৰত সহযোগ কৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। উল্লেখ কৰা প্ৰয়োজন যে, ইংৰাজী মাধ্যমৰ উন্নতমানৰ বিদ্যালয়সমূহত জাতীয় পৰম্পৰা থলুৱা খাদ্য সামগ্ৰী, গীত-নৃত্য, নাট-ভাওনা আদিৰ পৰম্পৰাই ক্ৰমগতভাৱে প্ৰসাৰ লাভ কৰিছে। যাৰ জৰিয়তে এইসমূহ বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীসকলে অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/18119c8c-1950-4615-97db-cfceec181e0e/c2160a0e_36e1_4467_99fc_f84ff472ba60.jpg)
Also Read: ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ লৈ পৰিভ্ৰমী পক্ষীৰ আগমণ