অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক বক্তৃতা অনুষ্ঠান

সমল ব্যক্তি হিচাপে উপস্থিত এস্পাইৰ এবৰ্ড এডুকেচনৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক প্ৰাণজিৎ শইকীয়া

author-image
Asomiya Pratidin
New Update
অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক বক্তৃতা অনুষ্ঠান

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ কেৰিয়াৰ গাইডেন্স চেলৰ উদ্যোগত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক এক বক্তৃতা অনুষ্ঠান ১৫ মাৰ্চত অনুষ্ঠিত হয়। বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে এস্পাইৰ এবৰ্ড এডুকেচনৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক প্ৰাণজিৎ শইকীয়া।

Advertisment

সমল ব্যক্তি গৰাকীক আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে। শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি প্ৰাণজিৎ শইকীয়াই বিদেশত বিভিন্ন বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা দিয়ে। লগতে বৃত্তি, ঋণ, ভিছা প্ৰক্ৰিয়া, থকাৰ ব্যৱস্থা আদিৰ বিষয়েও আলোচনা কৰে। সমল ব্যক্তি গৰাকীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

Also Read: জোনাইৰ কাৰেং চাপৰিত ৰণোজ পেগুৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ বৈঠক...

অসম ডন বস্ক’ বিশ্ববিদ্যালয়