ভাল খবৰ, শুকুৰবাৰে অসমলৈ ঘূৰাই অনা হ’ব ক’টাত আবদ্ধ হৈ থকা ১০০ ছাত্ৰ-ছাত্ৰীক, VIDEO

ভাল খবৰ, শুকুৰবাৰে অসমলৈ ঘূৰাই অনা হ’ব ক’টাত আবদ্ধ হৈ থকা ১০০ ছাত্ৰ-ছাত্ৰীক, VIDEO

author-image
asomiyapratidin
New Update
ভাল খবৰ, শুকুৰবাৰে অসমলৈ ঘূৰাই অনা হ’ব ক’টাত আবদ্ধ হৈ থকা ১০০ ছাত্ৰ-ছাত্ৰীক, VIDEO

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ক'টাত অধ্যয়নৰ সূত্ৰে থাকি লকডাউনৰ বাবে আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক ঘূৰাই আনিবলৈ তৎপৰ হৈছে অসম চৰকাৰ। শুকুৰবাৰে পুৱা ৮ বজাত ঘৰ অভিমুখে ৰাওনা হ'ব ছাত্ৰ-ছাত্ৰীসকল। তেওঁলোকক ৩খন বাছযোগে অসমলৈ অনা হ'ব। শিক্ষাৰ্থীসকলক চমজি লৈ অসমলৈ অনাৰ বাবে কামৰূপ মহানগৰৰ সহকাৰী আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ কেবাগৰাকী জোৱান বৃহস্পতিবাৰে নিশা ৮ বজাত ক'টাত উপস্থিত হ'বগৈ।

Advertisment

আছাম স্কিল ডেভেলপমেন্ট মিছনৰ মিছন সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীয়ে এই কথা সদৰি কৰিছে। তেখেতে ক'টাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক উভতাই অনাৰ বাবে ক'টাৰ জিলা দণ্ডাধিশ অ'ম কাশেৰাৰ পৰা ইতিমধ্যে অনুমতি লাভ কৰিছে। সকলো ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকৰ সন্মতিক্ৰমে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

সামাজিক ব্যৱধানৰ লগতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক উভতাই আনিবলৈ পদক্ষেপ লৈছে। এই যাত্ৰা কালত অসমলৈ আহিবলগীয়া প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীৰ দলটোৱে বাটত বিভিন্ন স্থানত জিৰণি ল'ব। প্ৰায় ৩৬ ঘন্টীয়া এই যাত্ৰাকালত তেওঁলোকে উত্তৰ প্ৰদেশৰ কুশীনগৰত শুকুৰবাৰৰ নিশাটো কটাব। পুনৰ শনিবাৰে পুৱা আৰম্ভ কৰিব যাত্ৰা।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা আৰক্ষীৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক এক ভিডিঅ' কনফাৰেন্সিংযোগে পৰিয়ালৰ সৈতে কথা পতাৰ ব্যৱস্থা কৰি দিব প্ৰশাসনে। লকডাউনৰ বাবে বহিঃৰাজ্যত কাম কৰি অসমৰ বহু শ্ৰমিকৰ লগতে পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল আবদ্ধ হৈ আছে। আন আন সংবাদমাধ্যমৰ লগতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণতো প্ৰকাশ পাইছিল ক'টাত আবদ্ধ হৈ থকা একাংশ ছাত্ৰ-ছাত্ৰীৰ কথা। এক ভিডিঅ'যোগে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছিল। তাৰ পিছতে তৎপৰ হৈ তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।