/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/722dd168-289b-4535-8621-00c82b39f87d/298.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : ব্যৱসায়ী প্ৰতিষ্ঠান 'গেলেক্সি চিমেন্ট'ৰ এখন ব্যৱসায়ী সমাৰোহ শুকুৰবাৰে সন্ধিয়া নগাঁও জিলাৰ মাহলু অঞ্চলত অৱস্থিত জাছিংফা ৰিজৰ্টত অনুষ্ঠিত হয়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি গেলেক্সি চিমেন্টৰ উত্তৰ পূৱৰ মহাপ্ৰৱন্ধক নিপু হালৈয়ে সমাৰোহত উপস্থিত সকলোকে স্বাগতম জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e124d13f-6a44-4d00-9a37-901dc8ffda5d/c48c8c90-5e91-4c9b-a90e-277eab868e55.jpg)
লগতে তেঁও গেলেক্সি চিমেন্টৰ জন্মৰ পৰা বৰ্তমানলৈ ব্যবসায়ীক যাত্ৰা বিশ্লেষণ কৰে। আগন্তুক দিনত ব্যৱসায় সম্প্ৰসাৰণৰ লগতে বিভিন্ন সামাজিক কাৰ্যসূচীৰ মাজেৰে ৰাইজৰ মাজলৈ সেৱা আগবঢ়োৱা পৰিকল্পনা বিশ্লেষণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0f0bdb54-dab9-45cc-b008-84679e87f544/0b12dd51-3fdd-4d89-a01d-eeed27cc2b8b.jpg)
ক্ষেত্ৰ বিক্ৰী প্ৰৱন্ধক সমীৰণ ডেকা, অভিজিৎ পাঠক, সঞ্জীৱ বৰুৱা, অভিনেতা প্ৰাঞ্জল ডেকা, কল্পজিৎ বৰা, সঞ্জীত ৰয়ৰ লগতে গেলেক্সি চিমেন্টৰ কৰ্মকৰ্তা, বিক্ৰেতা, উপ বিক্ৰেতাসহ দুই শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ অন্তত কুমাৰ কিশোৰৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।
Also Read: ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক 'ঠেঙ্গাল ৰত্ন' বঁটা প্ৰদান