/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6bd4903f-3dbe-4667-a357-2d23cfd2485a/AP_FOR_WEB_lachit_.jpg)
ডিজিটেল ডেস্ক : '১৯৭১ চনত অসমত মাত্ৰ ২খন জিলাতহে বাংলাদেশীমূলৰ লোকৰ প্ৰভাৱ আছিল। ধুবুৰী আৰু হাইলাকান্দি। তাৰ পিছত লাহে লাহে ৬জিলালৈ ইয়াৰ প্ৰভাৱ বিস্তাৰ ঘটি আজি ১৪খন জিলা পৰ্যন্ত বাংলাদেশীমূলৰ লোকেৰে ভৰি পৰিছে চৌদিশ।' এই মন্তব্য অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ।
শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে গুৱাহাটী চানমাৰিস্থিত মামণি ৰয়ছম গোস্বামী পথৰ লাচিত সংঘত অনুষ্ঠিত কৰা হয় লাচিত দিৱস। লাচিত দিৱসৰ লগত সংগতি ৰাখি উদ্য়োক্তাই অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা দুগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/63832d96-244c-482e-87b9-80968c0a8759/e0373f86_33c2_4c33_9701_962da83d68f5.jpg)
সম্বৰ্ধিত ব্যক্তি দুগৰাকী হৈছে ক্রমে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা 'অসমীয়া প্রতিদিন' কাকতৰ সম্পাদক জয়ন্ত বৰুৱা আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা। ফুলৰ থোপা,গামোচা,শৰাই,চেলেং চাদৰ আৰু মানপত্ৰৰে দুয়োগৰাকী বিশিষ্ট ব্যক্তিক উদ্যোক্তসকলে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/18e20634-2411-424e-aa96-2c18e061f87a/77ead8d2_c51c_4494_b21d_4a25590cce0c.jpg)
অনুষ্ঠানত উপস্থিত থাকি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই কয় যে, লাচিতক এখন তৰোৱাল লৈ থকা যোদ্ধা হিচাপেই চালে নহ'ব। তেওঁ আচলতে এজন বিশিষ্ট কূটনীতিবিদো আছিল। কৰ সংগ্ৰহৰ ক্ষেত্ৰতে হওক বা ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত কেনেকৈ মিলাপ্ৰীতেৰে থাকিব লাগে সেইক্ষেত্ৰতো তেওঁৰ বৰঙণি আছে। প্ৰশাসনিক ক্ষেত্ৰতো তেখেতৰ বিচক্ষণতা মনকৰিবলগীয়া। এই সমস্ত কথাৰ ফালে গুৰুত্ব দি যদি আমি অসমীয়া সমাজখন আগবাঢ়ি যাব পাৰোঁ তেন্তে নিশ্চকৈ অসমখন সুৰক্ষিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/37069ccf-efde-45bd-9b42-7eafe28bbe56/aca3d301_3bed_403a_b60a_abcb034bcaae.jpg)
ভাষণ প্ৰসংগত এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে, ২ এপ্ৰিল ২২ত এখন প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল দিয়া হৈছিল আৰু ২০১৪ চনৰ যিটো পৰীক্ষাৰ খেলিমেলি সন্দৰ্ভতো এখন প্ৰতিবেদন দিয়া হৈছিল। সেই পৰিপ্ৰেক্ষিতত প্ৰতিবেদনত সন্নিবিষ্ট কিবা খেলি-মেলি পাইছে বা নাই পোৱা সেইখিনিৰ ওপৰত ভিত্তি কৰি চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সম্পূৰ্ণ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/89b3645a-3747-4020-bc16-e34464cc9015/da4c01d8_af08_4078_813a_a3b7376d7762.jpg)
তেওঁ ন্যায়িক আয়োগ হিচাপে সম্পূৰ্ণ নিৰ্দেশনা দিব নোৱাৰে বুলি মন্তব্য কৰে। তেওঁ কেৱল বিসংগতিখিনিহে আঙুলিয়াই দিয়া বুলি মত-প্ৰকাশ কৰে। চৰকাৰে এই সন্দৰ্ভত ন্যায়াধীশ শৰ্মাক কৈছিল যে এ পি এছ চিত কি কি সংস্কাৰ আনিলে লোক সেৱা আয়োগৰ সুবিধা হ'ব তেনে পৰিপ্ৰেক্ষিতত বিপ্লৱ শৰ্মাই সংস্কাৰৰ ক্ষেত্ৰত কিছু উপদেশ দিয়া বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ddcb62bf-a9c0-4252-af8d-6f4dfbff6a8c/84c24917_9160_41ec_bf59_b50a38ab6115.jpg)
আনহাতে আনগৰাকী অতিথি তথা সাদিন-প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই কয় যে, লাচিত বৰফুকন অকল যোদ্ধাই নাছিল। তেওঁ অসমীয়া জাতিৰ বাবে প্ৰেৰণা আৰু সাহসৰ প্ৰতীক আছিল। লাচিতৰ গুণেৰে নতুন প্ৰজন্ম উদ্বুদ্ধ হৈ অসমখনক বিভিন্ন ক্ষেত্ৰত বিশ্বৰ দৰবাৰত উজলাই তোলক বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/723c67b0-ccc5-4d44-ab55-f76df0ef1d24/59735955_0399_4266_bd00_f2bca2518c8a.jpg)
লগতে তেওঁ ভাষাৰ ক্ষেত্ৰত বিভিন্ন কথা উনুকীয়াই কয় যে,তামিলনাডুত তামিল ভাষা,মহাৰাষ্ট্ৰত মাৰাঠীৰ দৰে অসমতো অসমীয়া ভাষাৰ দপদপনি থাকিব লাগিব। তাৰ বাবে আমাৰ প্ৰতিটো পৰিয়ালৰ পৰা এই অসমীয়া ভাষাৰ আন্দোলন আৰম্ভ হ'ব লাগিব।
আমাৰ নতুন প্ৰজন্মক অসমীয়া ভাষা,গীত-মাতৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। আমি আমাৰ ভাষা-সংস্কৃতক সুদৃঢ় কৰি ৰাখিব পাৰিলেহে সদায় মূৰ দাঙি থাকিব পাৰিম। যি সময়ত অসমত ১৮৩২ চনত বৃটিছৰ দিনত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তাৰ পিছত আমাৰ পূৰ্বপূৰুষসকলে বৌদ্ধিক আন্দোলনৰ মাজেৰে পুনৰ অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2e409c11-dd1d-4d48-a209-17b8a4d449be/42051ce7_d8d3_489e_ae9e_5e30f33112fb.jpg)
সেই সময়ত অসমত কোনো অভিধান আৰু ব্য়াকৰণ নাছিল। তাৰ প্ৰতি লক্ষ্য ৰাখি হেমচন্দ্ৰ বৰুৱাই অসমীয়া জাতিক দি গৈছে এটা নতুন প্ৰাণ। আৰু আজি সেই হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হিচাপে দৃষ্টিহীনসকলে যাতে অসমীয়া ভাষাটো শুদ্ধকৈ আহৰণ কৰিব পাৰে তাৰ বাবে হেমকোষ অভিধানখনৰ ব্ৰেইল সংস্কৰণ প্ৰস্তুত কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f7b975f9-9ba4-4a37-a4a3-b823af18ce64/12979c5d_95c0_40cf_839c_5c1efceb6f91.jpg)
শেষত বৰুৱাই কয় যে, লাচিত দিৱসত অসমীয়া জাতিয়ে অসমীয়া ভাষা ধৰি ৰাখিব লাগিব। ইয়াৰ বাবে প্ৰত্যেকজন অসমীয়াই লাচিতৰ সেনানীৰ দৰে কাম কৰিব লাগিব। তেতিয়াহে লাচিতৰ স্বপ্ন পূৰ্ণ হ'ব।
ইফালে অনুষ্ঠানৰ পূৰ্বে উদ্যোক্তাসকলকে ধৰি বিশিষ্ট অতিথিদ্বয়ে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। আনহাতে সংঘৰ সদস্যা আৰু ছাত্ৰীসকলে অসম সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/25da363e-63a3-4fb1-830b-896cf3c8e15e/b46bce63_7346_4bc2_9506_b702c904ebde.jpg)
অতুল্য মাধৱ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, গুৱাহাটী পৌৰ সভাৰ আঞ্চলিক সদস্যা,আসাম ট্ৰিবিউন ইউনিয়নৰ সম্পাদক দুগ্ধ কলিতা,সাহিত্যিক প্ৰমোদ ভট্টাচাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি আবেলি ৩-০০বজাৰ পৰা অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা। সন্ধিয়া অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হ'ব।
Also Read: জামুগুৰিহাটত ৩দিনীয়া কাৰ্য্যসূচীৰে অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহ