Advertisment

জামুগুৰিহাটত ৩দিনীয়া কাৰ্য্যসূচীৰে অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহ

জামুগুৰিহাটত ৩দিনীয়া কাৰ্য্যসূচীৰে অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ৩দিনীয়া কাৰ্য্যসূচীৰে অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ গড়বিলস্থিত স্বৰ্গীয় বিমল থাপা সমন্বয় ক্ষেত্ৰত ২২ নৱেম্বৰৰ পৰা ৩দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহ ৷ উত্তৰ জামুগুৰি হৰিকীৰ্তন সমিতি,গড়বিল জন কল্যাণ যুৱক সংঘ আৰু গংগা মহিলা কীৰ্তন সংঘৰ যৌথ উদ্যোগত আয়োজিত কৰা হয় এই অনুষ্ঠানৰ।

Advertisment

অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহত বৃহস্পতিবাৰৰ পুৱাৰ পৰাই‌ শুক্ৰবাৰ পুৱালৈকে ২৪ ঘন্টা ধৰি প্ৰায় ১৩০ টা কীৰ্তন সংঘৰ মহিলা আৰু পুৰুষ সকলে “হৰে কৃষ্ণ হৰে ৰাম” নাম ধ্বনিৰে আকাশ বতাহ কপাই তোলে । অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

হাজৰিকাই ধৰ্মপ্ৰাণ ৰাইজক উদ্দ্যেশি তত্ত্বগধুৰ মন্তব্য আগবঢ়াই কয় যে এনে অনুষ্ঠানৰ জৰিয়তে শৈক্ষিক সমাজিক আৰু সাংস্কৃতিক পৰিবশ সৃষ্টি হয়৷সমাজৰ কলিয়া দাৱৰ মচি শান্তি সম্প্ৰীতি ও ভাতৃত্ববোধৰ চানেকি দাঙি ধৰে ৷ বিধায়কগৰাকীয়ে লগতে "হামৰো পিয়াৰো গড়বিল " নামৰ গ্ৰন্থ খনি উন্মোচন কৰে। সমাজৰ কলীয়া ডাৱৰ মচি শান্তি সম্পীতি ভাতৃত্ববোধৰ চানেকি দাঙি ধৰে ৷

Also Read: চিমেণ্ট ভৰ্তি ট্ৰাক বাগৰি অ' এন জি চিৰ শ্ৰমিক নিহত

jamugurihat