কাইলৈ দিনৰ ১-৩০ বজাত মৰণোত্তৰ দেহ দান সম্পন্ন হ'ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ...

কাইলৈ দিনৰ ১-৩০ বজাত মৰণোত্তৰ দেহ দান সম্পন্ন হ'ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ...

author-image
Asomiya Pratidin
New Update
কাইলৈ দিনৰ ১-৩০ বজাত মৰণোত্তৰ দেহ দান সম্পন্ন হ'ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ...

কাইলৈ দিনৰ ১-৩০ বজাত মৰণোত্তৰ দেহ দান সম্পন্ন হ'ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ...

ডিজিটেল ডেস্কঃ অন্ত্যেষ্টিক্ৰিয়া নহয় প্ৰবীণ অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ। জীৱিত অৱস্থাতেই তেওঁ ইলোৰা বিজ্ঞান মঞ্চক মৰণোত্তৰ দেহ দান কৰি থৈ গৈছে। সেয়ে তেওঁৰ নশ্বৰ দেহ জি এম চি এইছতে সংৰক্ষিত কৰা হ'ব।

Advertisment

পৰিয়ালৰ লোকে জানিবলৈ মতে কাইলৈ পুৱা দিছপুৰ হাস্পতালৰ পৰা তেওঁৰ মৃতদেহ পুৱা ৯-৩০ বজাত ৰিহাবাৰীৰ ঘৰলৈ লৈ অনা হ'ব। তাৰ পাছত তেওঁৰ দেহ লৈ যোৱা হ'ব উজান বজাৰৰ সূৰ্যলৈ। তাতেই গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।

ইয়াৰ পাছতেই দিনৰ প্ৰায় ১-৩০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ দেহদান কাৰ্যসূচী আৰম্ভ হ'ব। আনহাতে তেওঁৰ চকুৰ কৰ্নিয়া আজিয়েই সংগ্ৰহ কৰা হৈছে। গুৱাহাটীৰ নেত্ৰালয়ৰ চিকিৎসকে তেওঁৰ চকুৰ কৰ্নিয়া সংগ্ৰহ কৰিছে।

Also Read: কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত কংগ্ৰেছ, এ জে পিৰ শোক প্ৰকাশ...

জি এম চি এইছ কুলদা কুমাৰ ভট্টাচাৰ্য