Advertisment

কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত কংগ্ৰেছ, এ জে পিৰ শোক প্ৰকাশ...

কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত কংগ্ৰেছ, এ জে পিৰ শোক প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
কাইলৈ দিনৰ ১-৩০ বজাত মৰণোত্তৰ দেহ দান সম্পন্ন হ'ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ...

কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত কংগ্ৰেছ, এ জে পিৰ শোক প্ৰকাশ...

ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদে। এ পি চি চিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে - অসমীয়া শিল্প সাহিত্য জগতৰ পুৰোধা ব্যক্তি কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া জাতিৰ অভিভাৱকস্বৰূপ কুলদা কুমাৰ ভট্টাচাৰ্য কেৱল এগৰাকী নাট পৰিচালক বা অভিনেতাই নাছিল, তেওঁ আছিল জাতীয় চেতনাৰ ধ্বজাবহনকাৰী এগৰাকী মহীৰুহ। তেখেতৰ বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Advertisment

আনহাতে অসম জাতীয় পৰিষদে নাট্যক্ষেত্ৰৰ মহীৰুহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ মহাপ্ৰয়াণত শোক প্ৰকাশ কৰি এক বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। বিশিষ্ট নাট্যযোদ্ধাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ’‘অসমৰ অপেছাদাৰী নাট্যক্ষেত্ৰলৈ প্ৰভূত অৰিহণা আগবঢ়াই যোৱা বিশিষ্ট নাট্যকাৰ তথা অভিনেতাগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ অসমৰ অভিনয় জগতখনত প্ৰাণস্পৰ্শী অভিনয়েৰে কেইবাটাও দশক দৰ্শকক আলোড়িত কৰি ৰখা কুলদা ভট্টাচাৰ্য আছিল মাটি আৰু মানুহৰ আৱেগৰে সংপৃক্ত এজন সঁচা মানুহ৷ আজি এইগৰাকী বৰেণ্য অসমীয়াৰ বিয়োগত অসমে এটি ৰত্ন হেৰুৱালে৷ অসমখনক আৰু অসমীয়া মানুহক মনেপ্ৰাণে ভালপোৱা এইগৰাকী মহীৰুহলৈ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷’’

Also Read: চিৰ বিদায় ল'লে চিৰ তৰুণ কুলদা কুমাৰ ভট্টাচাৰ্যই...

কংগ্ৰেছ কুলদা কুমাৰ ভট্টাচাৰ্য এ জে পি