দৰ্শকেও গঢ়িব নেকি ৱৰ্ল্ড ৰেকৰ্ড ? লানি নিচিঙা শাৰী কলাক্ষেত্ৰৰ সন্মুখত...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিহু ৱৰ্ল্ড ৰেকৰ্ডৰ সাক্ষী হ'বলৈ প্ৰবেশ পত্ৰ সংগ্ৰহৰ বাবে দীঘলীয়া শাৰী...

author-image
Asomiya Pratidin
New Update
দৰ্শকেও গঢ়িব নেকি ৱৰ্ল্ড ৰেকৰ্ড ? লানি নিচিঙা শাৰী কলাক্ষেত্ৰৰ সন্মুখত...

ডিজিটেল ডেস্ক : পদূলি মুখত হেঁপাহৰ ৰঙালী। ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। ৰাজ্য চৰকাৰেও এইবাৰ বিহু উপলক্ষে লৈছে বিশেষ পদক্ষেপ। ৰাজ্য চৰকাৰে ১০০০০ কৈ অধিক বিহুৱা-নাচনিৰ বিহু প্ৰদৰ্শনেৰে বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গঢ়িবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

এই লৈ সৰুসঁজাইত উখল-মাখল পৰিৱেশ। ৭০০০ নাচনি আৰু ৩০০০ বিহুৱা লৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিহু উপস্থাপন কৰিবলৈ লোৱা কাৰ্যসূচীৰ আদৰ-সমালোচনাৰ মাজতে ১৪ এপ্ৰিল শুকুৰবাৰে প্ৰদৰ্শন হ'ব লগীয়া এই বিহু উপভোগ কৰিবলৈ মঙ্গলবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয় বিনামূলীয়া প্ৰৱেশ পত্ৰ।

প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিবলৈ মঙ্গলবাৰে দেখা গ'ল দীঘলীয়া শাৰী। বুধবাৰেও প্ৰদান কৰা এই প্ৰৱেশ পত্ৰ সংগ্ৰহৰ বাবে পুৱা ৬ বজাৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগনত দীঘলীয়া শাৰীৰ পৰিলক্ষিত হয়। পুৱা ১১ বজাৰ পৰা প্ৰদান কৰা এই প্ৰৱেশ পত্ৰৰ বাবে বহু লোকে ৬ বজাৰে পৰা শাৰী পাতি অপেক্ষা কৰে। উল্লেখ্য যে, সন্ধিয়া ৫ বজালৈ প্ৰদান কৰা হ'ব প্ৰবেশ পত্ৰ।

Also Read: চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...

ASSAM GOVERNMENT