/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/64635252-c2cb-41f9-b49a-6ebaecb83882/173.jpg)
ডিজিটেল ডেস্ক : বিদুষী মহিলা তথা নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া কিৰণ্ময়ী মহন্ত আৰু নাই। শনিবাৰে দিনৰ ১ঃ০০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮৭ বছৰ।
শাৰীৰিক অসুস্থতাৰ হেতু কিছুদিন পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈছিল মহন্ত। চিকিৎসাধীন অৱস্থাতে বিদুষী মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া তথা গুৱাহাটীৰ নবীন নগৰৰ নামঘৰকে ধৰি একাধিক অনুষ্ঠানেৰে জড়িত আছিল কিৰণ্ময়ী মহন্ত। ২০২৩ বৰ্ষৰ শেষৰ ফালে এক দীঘলীয়া সময় ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ আছিল যদিও জটিল অৱস্থাৰ পৰা মুক্ত হৈ তেওঁ কিছু সুস্থ হৈ উঠিছিল। ইয়াৰ পাছৰে পৰা তেওঁ বাসগৃহতে শয্যাগত হৈ আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/63abb950-f2af-423a-9053-0156f4c83757/bc847d45_b7ac_4bae_9981_75f052892e9a.jpg)
উল্লেখ্য যে, এইগৰাকী বিদুষী মহিলাৰ 'স্মৃতিৰ এষণা' শীৰ্ষক এক গ্ৰন্থও যোৱা অক্টোবৰ মাহত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে উন্মোচন কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, দুগৰাকী বোৱাৰী, দুগৰাকী কন্যা-জোঁৱাইকে ধৰি ভালেসংখ্যক আত্মীয় তথা গুণমুগ্ধক এৰি থৈ যায়। উল্লেখযোগ্য যে প্ৰয়াত কিৰণ্ময়ী মহন্তৰ ডাঙৰ বোৱাৰী তথা সৌৰভ মহন্তৰ পত্নী নিলাক্ষী মহন্ত এগৰাকী চিকিৎসক। সৰু বোৱাৰী মৌচুমী মহন্ত মাৰিয়া পাব্লিক স্কুলৰ অধ্যক্ষা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f8161382-53c1-47c1-b06a-35351a0f3f19/WhatsApp_Image_2023_10_16_at_7_31_51_PM.jpeg)
আনহাতে দুই কন্যা মিনাক্ষী মহন্ত আৰু নিলাক্ষী মহন্তও নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত। ইয়াৰোপৰি ডাঙৰ জোঁৱাই প্ৰেম মহন্ত হৈছে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক । লগতে সৰু জোঁৱাই নুমলীগড় শোধানাগাৰৰ এগৰাকী উচ্চ পদস্থ পদাধিকাৰৰূপে অৱসৰ গ্ৰহণ কৰিছে। কিৰণ্ময়ী মহন্তৰ স্বামী জগত মহন্তও আছিল এগৰাকী আয়ুক্ত। এনে এগৰাকী বিদুষী মহিলাৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।
Also Read: শান্তিজান বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন