শান্তিজান বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

শান্তিজান বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

author-image
Asomiya Pratidin
New Update
শান্তিজান বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সন্মুখত শনিবাৰে দুপৰীয়া এটি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক।

ঘটনাৰ বিৱৰণী মতে, শান্তিজান বজাৰৰ পৰা নগাঁও অভিমুখে গৈ থকা AS 02 D C 3941 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পক এখন অচিনাকি টাটা মবাইল গাড়ীয়ে কাষেৰে খুন্দিয়াই থৈ যায়। খুন্দাত টেম্পৰ সোঁকাষে থকা এজন যাত্ৰীৰ মূৰৰ অংশ সম্পূৰ্ণ ভাঙি যায়।

লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা টাটা মবাইল গাড়ী খন বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মৃত ব্যক্তি জন বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱৰ ধৰনী নাথ(৪৫) বুলি জানিব পৰা গৈছে।

Also Read: মহানগৰীত চিলনী চোৰৰ অতপালি...

nagaon police batadraba