আপ, কংগ্ৰেছ, ৰাইজৰ দলৰ অভিজ্ঞতা তিক্তঃ এইবাৰ বিজেপিৰ শৰনাপন্ন কমল কুমাৰ মেধি !

আপ, কংগ্ৰেছ, ৰাইজৰ দলৰ অভিজ্ঞতা তিক্তঃ এইবাৰ বিজেপিৰ শৰনাপন্ন কমল কুমাৰ মেধি !
আপ, কংগ্ৰেছ, ৰাইজৰ দলৰ অভিজ্ঞতা তিক্তঃ এইবাৰ বিজেপিৰ শৰনাপন্ন কমল কুমাৰ মেধি !

ডিজিটেল ডেস্কঃ গেৰুৱা বসন পৰিধান কৰিবলৈ সাজু হৈছে কমল কুমাৰ মেধি। ৰাজ্যক ৰাজনীতিত প্ৰতিষ্ঠা লাভৰ পূৰ্বেই সঘনে দল সলনি কৰাৰ এক দুৰ্নামৰ অধিকাৰী হোৱা কমল কুমাৰ মেধিয়ে দেওবাৰে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে।

এসময়ত অখিল গগৈৰে সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব বহন কৰা কমল কুমাৰ মেধিয়ে অখিল গগৈৰ সংগ ত্যাগ কৰি আম আদমি পাৰ্টীত যোগদানেৰে প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিছিল। ইয়াৰ পিছত তেওঁ আপ ত্যাগ কৰি যোগদান কৰিছিল কংগ্ৰেছত।

কংগ্ৰেছৰ মুখপাত্ৰৰ ভূমিকা পালন কৰা কমল কুমাৰ মেধিয়ে নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ সময়তে অখিল গগৈৰ সভাপতিত্বত গঠন হোৱা ৰাইজৰ দলত যোগদান কৰি পুনৰ অখিল গগৈৰ সংস্পৰ্শলৈ আহে। কিন্তু এই দলটো বেছিদিন থাকিব নোৱাৰিলে মেধি।

পৰৱৰ্তী সময়ত তেওঁ ৰাইজৰ দল ত্যাগ কৰি পুনৰ যোগদান কৰে আম আদমি পাৰ্টীত। অৱশ্যে আম আদমি পাৰ্টীৰ ৰাজ্যিক নেতৃত্বৰে সংঘাত হোৱাত তেওঁক দলৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰে।

এই অন্যায়ৰ বিৰুদ্ধে তেওঁ ন্যায়ালয়ৰো কাষ চাপিছিল। ন্যায়ালয়ে পৰৱৰ্তী সময়ত কমল কুমাৰ মেধিক কৰা বহিষ্কাৰ অসাংবিধানিক আখ্যাৰে উঠাই ল'বলৈ নিৰ্দেশ দিয়ে। অৱশ্যে কমল কুমাৰ মেধিয়ে ন্যায়ালয়ত তেওঁৰ বহিষ্কাৰ সংবিধান বিৰোধী আছিল বুলি প্ৰমাণ কৰিয়েই ক্ষান্ত থাকি পুনৰ দলটোত যোগদানৰ পৰা বিৰত থাকে।

ইয়াৰ পিছতে শেহতীয়াকৈ কমল কুমাৰ মেধিয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছিল। স্বাভাৱিকতে কমল কুমাৰ মেধি সমালোচনাৰ লক্ষ্য হৈ পৰিছিল সৰ্বত্ৰে। তাৰ পাছতো তেওঁ ৰাজনীতিত থকাৰ আগ্ৰহেৰে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত কৰিছে।

২৮ জানুৱাৰী দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ যোগদান কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তকে ধৰি একাংশ আছুৰ নেতা-কৰ্মীৰ সৈতে তেওঁ বিজেপিত যোগদান কৰিব। অৱশ্যে বিজেপিত কমল কুমাৰ মেধিয়ে কি দায়িত্ব লাভ কৰে বা কিমান দিন গেৰুৱা ৰাজীনিতিত তিস্তি থাকিব পাৰে সেয়াহে হ'ব লক্ষ্যণীয়।

আপ, কংগ্ৰেছ, ৰাইজৰ দলৰ অভিজ্ঞতা তিক্তঃ এইবাৰ বিজেপিৰ শৰনাপন্ন কমল কুমাৰ মেধি !
লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ প্ৰাৰ্থী তালিকাঃ চাওঁক কোনে ক'ত কৰিব প্ৰতিদ্বন্দিতা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in