লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ প্ৰাৰ্থী তালিকাঃ চাওঁক কোনে ক'ত কৰিব প্ৰতিদ্বন্দিতা..

ভাইৰেল ১৪ টা সমষ্টিৰ বাবে বিৰোধীৰ প্ৰাৰ্থী তালিকা
লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ প্ৰাৰ্থী তালিকাঃ চাওঁক কোনে ক'ত কৰিব প্ৰতিদ্বন্দিতা..

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গঠন হোৱা ইণ্ডিয়া গোটৰ মাজত ৰাষ্ট্ৰীয় পৰ্যায়ত শেহতীয়াকৈ বিভাজনৰ বীজ অংকুৰিত হৈছে যদিও অসমত অৱশ্যে তেনে কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। বৰঞ্চ অসমৰ ১৩ টাকৈ বিৰোধী ৰাজনৈতিক দলে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী থকা অৱস্থাত চৰ্চালৈ আহিছে অসমৰ ১৪ টা লোকসভা সমষ্টিত কোনে কোনে প্ৰতিদ্বন্দিতা কৰিব তাৰ এখন তালিকা। যদিও আনুষ্ঠানিকভাৱে বিৰোধী মিত্ৰজোঁটে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই তথাপিও চৰ্চাত থকা এই তালিকাখনক এতিয়ালৈকে কোনেও নস্যাত কৰা নাই।

চৰ্চাত থকা অনুসৰি অসম জাতীয় পৰিষদে লোকসভা নিৰ্বাচনত এখন আসনত প্ৰতিদ্বন্দিতা কৰিব। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় লোকসভা আসনখন এৰি দিয়া হৈছে।

তেওঁ এই আসনত প্ৰতিদ্বন্দিতা কৰিব। বিধানসভাৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। যদিও এই দুয়োটা সমষ্টিতে লুৰিণজ্যোতি পৰাস্ত হৈছিল তথাপিও তেওঁৰ এক গণভিত্তি নথকা নহয়।

সেইদৰে তৃণমূল কংগ্ৰেছে দুখন আসনত প্ৰতিদ্বন্দিতা কৰিব। তৃণমূল কংগ্ৰেছক তেজপুৰ আৰু শিলচৰ সমষ্টি এৰি দিছে মিত্ৰজোঁটে। ইয়াৰে তেজপুৰৰ আসনখনত ৰিপুণ বৰাই প্ৰতিদ্বন্দিতা কৰিব।

সমান্তৰালকৈ অৱশ্যে এই আসনত পূৰ্বৰ কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন এপচিচিৰ সভাপতি পৱন সিং ঘাটোৱাৰেও প্ৰতিদ্বন্দিতা কৰিব বুলিও চৰ্চা চলিছে। তেজপুৰ বিধানসভা সমষ্টিত শেহতীয়াকৈ পৱন সিং ঘাটোৱাৰে বিভিন্ন সভা-সমিতিত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছ।

ইফালে এতিয়াৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব তাক লৈ চৰ্চা তীব্ৰ হৈছিল। জানিব পৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণত কলিয়াবৰ সমষ্টি বিলুপ্তি হোৱাত তেওঁ এতিয়া নগাওঁ সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈছে।

সেয়ে বৰ্তমানৰ নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাওঁ এৰি বৰপেটালৈ যাব লাগিব। বৰপেটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব প্ৰদ্যুৎ বৰদলৈ।

সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ সৃষ্টি হোৱা কাজিৰঙা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব পূৰ্বৰ সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰজলীনা তিৰ্কীয়ে। ইফালে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াই যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

লখিমপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব ৰাণী নৰহে। যদিহে শেষ মুহূৰ্তত ৰাণী নৰহক টিকট দিয়া নহয় তেন্তে এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব উদয় শংকৰ হাজৰিকাই। গুৱাহাটী আসনখন এৰি দিব আম আদমি পাৰ্টীক।

এই আসনখনত প্ৰতিদ্বন্দিতা কৰিব আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে। নৱ গঠিত দৰং-ওদালগুৰি সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব মাধৱ ৰাজবংশীয়ে। কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব প্ৰবীণ বড়োৱে।

কাৰ্বি আংলং সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব জয়ৰাম ইংলেঙে। ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব লাগিব ৰকিবুল হুছইনে। সেইদৰে কৰিমগঞ্জ সমষ্টিত হাফিজ ৰছিদ আহমেদ অথবা জুবেইৰ আনমে প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা চলিছে।

লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ প্ৰাৰ্থী তালিকাঃ চাওঁক কোনে ক'ত কৰিব প্ৰতিদ্বন্দিতা..
কন্যকাত নিজ হাতে ৰোপণ কৰা নিম গছৰ তলত জিৰালে মুখ্যমন্ত্ৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in