/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/291165a9-bf23-4397-9807-854091dc8c6a/30.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : দেওবাৰে বৃহত্তৰ পাথৰকোঁৱাৰী কল্যাণ সমিতিৰ কাৰ্যালয়ত কল্যাণজ্যোতি কলা কেন্দ্ৰৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস আৰু সমিতিৰ মুখপত্ৰ 'কল্যাণজ্যোতি'ৰ ষষ্ঠদশ বৰ্ষৰ ষষ্ঠদশ সংখ্যা উন্মোচন কৰা হয়। সমিতিৰ পতাকা উত্তোলন আৰু সভাত সভাপতিত্ব কৰে সমিতিৰ সভাপতি মোহন চন্দ্ৰ বৰগোহাঁইয়ে ।
আদৰণি ভাষণ আগবঢ়াই সমিতিৰ সাধাৰণ সম্পাদক তথা কল্যাণ জ্যোতি কলা কেন্দ্ৰৰ সম্পাদক সতীশ কুমাৰ বৈশ্যই। বিপুল চন্দ্ৰ ভট্টাচাৰ্য ৰচিত কলা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, সমিতিৰ সদস্য সকলে পৰিবেশন কৰা 'সমিতিৰ গীত' শীৰ্ষক সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই মুখপত্ৰ 'কল্যাণ জ্যোতি'ৰ ষষ্ঠদশ সংখ্যাটি উন্মোচন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8d254d03-06ae-40c5-8804-686153a7c18b/c3d88d3d_a023_434f_b8df_f47965b1db87.jpg)
উন্মোচনী ভাষণত তেওঁ সৰহসংখ্যক ষাঠিৰোৰ্ধ সদস্যৰে গঠিত এই কল্যাণমুখী অনুষ্ঠানটিৰ কৰ্ম কুশলতাক প্ৰশংসা কৰে। এই অনুষ্ঠানটোত চৰকাৰৰ দৃষ্টি পৰিলে আৰু অধিক উন্নতি হোৱাৰ থল আছে বুলি প্ৰকাশ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, মুখপত্ৰ সম্পাদনা সমিতিৰ সভাপতি প্ৰকাশ কুমাৰ বৰকটকী আৰু সম্পাদক ৰঞ্জিত দেৱ শৰ্মা। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিছতে কল্যাণ জ্যোতি কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত চিত্ৰকলা, সংগীত আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতাসমূহৰ বিজয়ী আৰু অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a3df01a4-46ca-47ce-a4b8-080852428953/34f1fb03_52fb_47bc_bbf9_18bce6fe7349.jpg)
অনুষ্ঠানত আমন্ত্ৰিত শিল্পী নাৰায়ণ কলিতাই লোকগীত, কলা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী আয়ান দাস, মৃগাংক দাস, লিজা তহবিলদাৰ, পূৰ্ণাক্ষী তালুকদাৰ, নিহাৰীকা শৰ্মাই সংগীত পৰিবেশন কৰে। সভাৰ শেষত বীৰেন্দ্ৰ ডেকাই সকলোকে শলাগৰ শৰাই আগবঢ়ায়।
উল্লেখযোগ্য যে সভাত কল্যাণ জ্যোতি কলাকেন্দ্ৰৰ শিক্ষক শৰ্মদ সূত্ৰধৰ, সুস্মিতা দাস, মনোজ ৰয় আৰু দীপশিখা বৈশ্যক সম্বৰ্ধনা জনোৱা হয়। সভাত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা কল্যাণ জ্যোতি কলাকেন্দ্ৰৰ চিত্ৰকলা বিষয়ৰ শিক্ষয়িত্ৰী দীপশিখা বৈশ্যক ঊষ্ম অভিনন্দন জনোৱা হয়। লগতে প্ৰতিযোগিতাসমূহৰ বিচাৰক হিমানী পাঠক, মীৰা দেৱী, সুস্মিতা দাস, মৈত্ৰেয়ী মজুমদাৰ, মনোজ ৰয়, মীৰা মালী দাসক সম্বৰ্ধনা জনোৱা হয়।