কলাইগাও জ্যেষ্ঠ নাগৰিক মঞ্চৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন উদযাপন

কলাইগাও জ্যেষ্ঠ নাগৰিক মঞ্চৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ "আমাৰ দেশৰ জনপ্ৰতিনিধিসকলে আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাত উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকৰ জীৱনৰ দুখ দুৰ্গতিৰ বুজ লোৱাৰ আহ্বান জনালোঁ। আজি আমাৰ একাংশ জ্যেষ্ঠ নাগৰিকে জীৱন ধাৰণত আৰ্থিকভাৱে নানা ধৰনে ভুগি থকা অৱস্থাৰ অৱসানৰ গুৰু দায়িত্ব চৰকাৰৰ।" শুকুৰবাৰে ওদালগুৰি জিলাৰ কলাইগাও জ্যেষ্ঠ নাগৰিক মঞ্চৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে স্থানীয় তেজিয়ালপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষনত জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়।

ভাষন প্ৰসংগত বৰঠাকুৰে পুনৰ কয় যে, জ্যেষ্ঠ নাগৰিকৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৬ চনৰ ২আগষ্টত কুশল কোঁৱৰ বৃদ্ধ পেন্সন আচনিৰে ২৫০ টকা বৃদ্ধ পেন্সন দিয়া হৈছিল। একাংশ জ্যেষ্ঠ নাগৰিকে এনে ধন গ্ৰহন নকৰিলে। ফলত অভাৱগ্ৰস্ত জ্যেষ্ঠ নাগৰিক বঞ্চিত হ'ল। আজিৰ পুন্যধাম যাত্ৰা আৰু ধৰ্মজ্যোতি আঁচনি জ্যেষ্ঠ সকলৰ বাবে, গতিকে সকলো জ্যেষ্ঠ নাগৰিকে এনে আঁচনি ৰূপায়নত সহায়ক হোৱাতো প্ৰয়োজন বুলি বৰঠাকুৰে কয়।

নিৰ্দিষ্ট বক্তাৰ ভাষণত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে প্ৰশাসনীয় ব্যৱস্থাত জ্যেষ্ঠ সকলক বিভিন্ন বিভাগত নিয়োগ কৰি সামাজিক ব্যৱস্থা উন্নয়নত বৰঙণি আগবঢ়োৱাত সুবিধা দিয়াৰ কথা কয়। নৱ প্ৰজন্মৰ বাবে জ্যেষ্ঠ সকলক সমাজ উন্নয়নৰ পথত মাৰ্গদৰ্শক হোৱাৰ আহ্বান জনায়।

কলাইগাও জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি প্ৰেমেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষনত কোকৰাঝাৰ বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই তেওঁৰ কাৰ্যকালতে জ্যেষ্ঠ নাগৰিকৰ বাবে কলাইগাওত এটি গৃহনিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

শৰৎচন্দ্ৰ বড়োৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশু সকলৰ সূললিত কোকিল কণ্ঠৰ ৰাভা সংগীতে সমাগত সকলক আপ্লুত কৰে। সভাত জ্যেষ্ঠ নাগৰিক জোনাৰাম ডেকা, ভূমিধৰ নাথ, ডিম্বেশ্বৰী শৰ্মা, খীতেশ্বৰ চহৰীয়া, সম্ভূৰাম ৰাভাক পূৰাণ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অধিবেশনত শৰৎচন্দ্ৰ বড়োক সভাপতি, খিতেশ্বৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ আগত কাৰ্যকালৰ বাবে এখনি ১৩ জনীয়া কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয়।

কলাইগাও জ্যেষ্ঠ নাগৰিক মঞ্চৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন উদযাপন
হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in