অগ্ৰদূত ভৱনত জ্যোতি মালাকৰ কাকতিৰ "ৰ'দে পোৰা গীত"ৰ উন্মোচন

চানমাৰিত হ'ব লগা গ্ৰন্থমেলাত "ৰ'দে পোৰা গীত" পাঠকৰ বাবে উপলব্ধ হ'ব।

author-image
Asomiya Pratidin
New Update
অগ্ৰদূত ভৱনত জ্যোতি মালাকৰ কাকতিৰ "ৰ'দে পোৰা গীত"ৰ উন্মোচন

ডিজিটেল ডেস্ক : অসমীয়া কাব্য সাহিত্য জগতত ঘটিল নতুন সংযোজন। প্ৰতিভাৱান কবি-লেখিকা জ্যোতি মালাকৰ কাকতিৰ "ৰ'দে পোৰা গীত" নামৰ কাব্য সংকলনখন মংলবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

Advertisment

দিছপুৰস্থিত অগ্ৰদূত ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত আয়োজিত উন্মোচনী সভাত কাব্য সংকলনখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক-সাহিত্য়িক তথা অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনক সেন ডেকাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,অসম লেখিকা সংস্থাৰ সভানেত্ৰী পদুমী গগৈ আৰু প্ৰকাশক ভাস্কৰ বৰ্মনে।

বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত উন্মোচকসহ বিশিষ্ট অতিথিবৃন্দক ফুলাম গামোচা,গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনোৱা হয়। কাব্য সংকলনখনৰ স্ৰষ্টা জ্যোতি মালাকৰ কাকতিয়ে জনোৱা অনুসৰি চানমাৰিত হ'ব লগা গ্ৰন্থমেলাত "ৰ'দে পোৰা গীত" পাঠকৰ বাবে উপলব্ধ হ'ব।

উল্লেখ্য যে, জ্যোতি মালাকৰ কাকতিৰ "ৰ'দে পোৰা গীত" নামৰ কাব্য সংকলনখন প্ৰকাশ কৰিছে অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী অবাক প্ৰকাশনে।

Also Read: মাজুলীত জল জীৱন মিছনৰ পর্যালোচনা বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

agradoot Abak publication Book Launch