/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/72f71039-bd9c-4e95-9782-99ff1cca5774/383.jpg)
ডিজিটেল সংবাদ,মাজুলী : মংলবাৰে মাজুলী জিলাৰ জিলা প্রশাসন আৰু অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান(গ্রাম্য)-ৰ আঁচনি আৰু পদক্ষেপসমূহৰ সকলো দিশ সামৰি এখনি পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/217166a4-1974-4aa3-af25-1bab8f088fcf/257ed112_42ee_462e_a4e4_c9216d11e040.jpg)
জিলাখনত জল জীৱন মিছনৰ অন্তর্গত আঁচনিসমূহৰ সমস্যাৰ খতিয়ান লৈ ৰাইজক নির্দিষ্ট সময়ৰ ভিতৰত টেপযোগে নির্মল খোৱা পানী উপলদ্ধ কৰাৰ বাবে জিলা প্রশাসনৰ লগতে বিভাগৰ বিষয়াবর্গক সমস্যাসমূহৰ ক্ষিপ্র আৰু ফলপ্ৰসূ সমাধান কৰিবলৈ মন্ত্ৰী বৰুৱা নির্দেশ প্রদান কৰে। লগতে ইতিমধ্যে সমাপ্ত হোৱা কাম সমূহতো যদি কিবা খুটি নাটি আছে তাক সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2eeab45c-ed7b-4a0c-9f6a-a06b55824d09/408d25c1_ba18_4e2a_bd2b_567feb0f1f5f.jpg)
উক্ত বিষয়ত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, মাজুলী জিলাৰ পানী যোগান প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণৰ দিশ আৰু সমস্যাৰ ওপৰত বিভাগীয় অভিযন্তাৰ লগতে অন্য বিভাগৰ অভিযন্তাই আঁচনিসমূহ পৰিদৰ্শন কৰি প্ৰকাশ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি আজি এই পৰ্যালোচনা বৈঠকখন আহবান কৰা হৈছে। যিহেতু এই বৃহত্তৰ অঞ্চল আৰ্ছেনিক প্ৰৱণ, তেনে ক্ষেত্ৰত পানীৰ গুণগতমান উন্নত কৰাৰ লগতে মন্ত্ৰী বৰুৱাই গোন্ধ নিৰ্বাসনৰ ক্ষেত্ৰত টিওৱেলৰ প্ৰচলনৰ পোষকতা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ff69a779-259d-4641-9f54-58a11ceadcf8/9a45d677_ff2a_447a_92ed_76084b5acd27.jpg)
উক্ত দিশত প্ৰয়োজন হোৱা আৰ্থিক সহায়ো অসম চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰে। আনহাতে উক্ত সভাত মাজুলীৰ বিধায়ক ভুবন গাম, অতিৰিক্ত মুখ্য সচিব চৈয়দাইন আব্বাছি, এম ডি, জে জে এম কৈলাশ কাৰ্তিক, জিলা আয়ুক্ত কাবেৰী শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব, মুখ্য অভিযন্তা সহিতে অন্যান্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
Also Read: দিপাংক নাথ,দিব্যজ্যোতিৰ বিজেপিত যোগদান নিশ্চিত, সেউজ সংকেতৰ অপেক্ষাত কমল