/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0ad3dbca-357c-4cd7-92f5-52992cc635de/Kolakhetra.jpg)
ডিজিটেল সংবাদ, পলাশবাৰী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগ্রহত ৰাজ্যৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'জোনাকী বাটেৰে'ৰ বৰ্ষপূর্তি অনুষ্ঠানটি ৮ এপ্ৰিলৰ সন্ধিয়াৰ পৰা নিশালৈ সাংস্কৃতিকীপ্ৰেমী লোকৰ উপস্থিতিত অনুষ্ঠিত হয়।
শিল্পী প্রয়াত প্ৰণৱিৰাম বৰুৱাৰ সোঁৱৰণত আয়োজিত এই অনুষ্ঠানটি বন্তি প্রজ্বলনৰে শুভাৰম্ভ কৰা হয়। মঞ্চ মুকলি কৰে বিশিষ্ট সংগীত শিল্পী সূৰ্য গোস্বামীয়ে। তেওঁ প্ৰণৱিৰাম বৰুৱাৰ সতে থকা সম্পৰ্কৰ ওপৰত চমুকৈ আলোকপাত কৰি উদ্যোক্তাসকলক এনে অনুষ্ঠান ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আয়োজন কৰিবলৈ আহ্বান জনায়।
শিল্পী তুলিকা বৰুৱাৰ এটি মংগলাচৰণেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানটিত পণ্ডিত বিদ্যুৎ মিশ্ৰৰ তত্ত্বাৱধানত team divine melodyৰ শিল্পী সকলৰ সুৰসমলয় অনুষ্ঠানৰ পিছতে সংগীত নাটক অকাডেমী বঁটা বিজয়ী গুণীন্দ্ৰ নাথ ওজাৰ তত্ত্বাৱধানত নাওখেলৰ গীত পৰিবেশন কৰা হয়।
তুলিকা নৃত্যাঞ্জলি কেন্দ্রৰ কণ কণ শিশুসকলৰ দ্বাৰা আকর্ষণীয় নৃত্যানুষ্ঠান আৰু বিশিষ্ট আবৃত্তিকাৰ ডঃ সৌমাৰ জ্যোতি মহন্তৰ আবৃত্তি সাংস্কৃতিক অনুষ্ঠানটিয়ে আকর্ষণ কৰে উপস্থিত লোকক। বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰা, অভিনেত্রী তথা লেখিকা ডঃ আকাশীতৰা, চৈয়দ চাদুল্লাৰ জীয়ৰী চুভানা চাদুল্লা অনুষ্ঠানটিত ভাষণ প্ৰদান কৰে।
অনুষ্ঠানটিত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জীয়ৰী বন্দনা বৰুৱাক সন্মান জনোৱা হয়। পণ্ডিত বিদ্যুৎ মিশ্ৰৰ পিতৃ ৯৮ বছৰীয়া সত্যকৃষ্ণ মিশ্রৰ বেহেলা বাদনো আছিল অন্য এক মনপৰশা অনুষ্ঠান। আনহাতে নিউজ লাইভৰ ঘোষিকা সংঘমিত্রা বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰণতি বৰুৱা, জয়ামণি ভৰালী আৰু দিপলিপ ওজা দেৱীয়ে প্ৰণৱিৰাম বৰুৱা ৰচিত এটি দলীয় গীত পৰিবেশন কৰে।
অনুষ্ঠানতে ৰাজ্যৰ পাঁচগৰাকী নবীন - প্ৰবীণ শিল্পী ক্ৰমে - লক্ষহীৰা দাস, পণ্ডিত বিদ্যুৎ মিশ্র, নৃত্যগুৰু গোবিন্দ শইকীয়া, সংগীতশিল্পী চুভানা চাদুল্লা আৰু দুৰ্গাময়ী বৰাক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয় ।
Also Read: চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...