
ডিজিটেল ডেস্কঃ আজি পুৱাৰ সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী সংবাদকৰ্মীৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত হোৱা সংবাদকৰ্মীগৰাকীৰ নাম মোস্তাক আলম।
টাইম-৮ নামৰ ৱেব পৰ্টেলটোত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিল মোস্তাক। আজি পুৱা কাৰ্যালয়লৈ গৈ থকাৰ অৱস্থাতে এখন বাছে তেওঁক মহতিয়াই নিয়ে।
স্কুটীৰে বশিষ্ঠৰ বৰপথাৰৰ পৰা নিজ কাৰ্যালয়লৈ গৈ থকাৰ অৱস্থাতে বেলতলাত পিছফালৰ পৰা এখন তীব্ৰ বেগী বাছে তেওঁক মহতিয়াই নিয়ে। বেলতলাৰ পৰা দিছপুৰ অভিমুখী আছিল এই বাছখন। বাছখনৰ নম্বৰ AS 01 HC 2629।