যোৰাবাটত ৪২ গো-ধনসহ আটক সৰবৰাহকাৰী

পুনৰ যোৰাবাটত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী। এখন ট্রাকৰ পৰা যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে ৪২টাকৈ গো-ধন।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

অগ্ৰণী খবৰ

ডিজিটেল ডেস্কঃ পুনৰ যোৰাবাটত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী। এখন ট্রাকৰ পৰা যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে ৪২টাকৈ গো-ধন। জানিব পৰা অনুসৰি তেজপুৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ সৰবৰাহ কৰিছিল গো-ধনকেইটা।

Advertisment

ট্রাকখনৰ পৰা গো-ধন জব্দ কৰাৰ লগতে আটক কৰা হৈছে চালক-হেণ্ডিমেনক। ধৃত দুই সৰবৰাহকাৰী বঙাইগাঁৱৰ আছাদ আলী আৰু আজগৰ আলী। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Also Read: দুটুকুৰা হ'ল বিমানঃ ২ ক্ৰু মেম্বাৰসহ নিহত ১২ যাত্ৰী

Assam police