/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fd85e7d2-22bd-4d0a-9ca5-cbb1e42b9adc/1100.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ ন্যাস বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে যোৱা দুটা দশকত উত্তৰ-পূবৰ কেইবা সহস্ৰাধিক লোকক চিকিৎসা প্ৰদান কৰি সুস্থ কৰাৰ লগতে পুনৰসংস্থাপনৰ ব্যৱস্থাও কৰিছে। এনে ঘটনাৰ সন্দৰ্ভত ল’ব লগা সাবধানতা আৰু প্ৰতিৰোধমূলক সজাগতা বৃদ্ধি আৰু চিকিৎসাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ বাবে বিগত বৰ্ষত এই ফাউণ্ডেচনৰ অধীনতে ‘জীৱনজ্যোতি’ নামৰ এক অনুষ্ঠানৰো জন্ম দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b402ceab-5e31-4fff-aeb6-0a12d6cb4346/cb067053-2e1c-4824-a4b6-964313cc8974.jpg)
চিকিৎসক-চিকিৎসাকৰ্মী আৰু অগ্নিদগ্ধ হৈ পৰ্যাপ্ত চিকিৎসাৰ জৰিয়তে সুস্থ হৈ উঠা লোকসকলক সামৰি গঠন কৰা জীৱনজ্যোতিৰ বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰে বিয়লি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এক ব্যতিক্ৰমী অনুষ্ঠান ৰূপায়ণ কৰা হয়। জীৱনজ্যোতিৰ আহ্বায়ক ডা০ কবিতা চাংমা চৌধুৰীয়ে আঁত ধৰা এই অনুষ্ঠান আৰম্ভণিতে অগ্নিদগ্ধ হৈ সুস্থ হোৱা কেইবাগৰাকীও যুৱতী আৰু যুৱকে এক সমবেত সংগীত পৰিবেশন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2f9113d1-e780-4d30-bf06-55fdffe96715/a5fc5f36-4143-4f5e-94c9-7d0a5f08a693.jpg)
ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে নেমকেয়াৰ হাস্পতালৰ অধ্যক্ষ ডা০ হিতেশ বৰুৱা, ডা০ ভূপেন ডেকা আৰু আমন্ত্ৰিত অতিথিসকলে। আনহাতে নেমকেয়াৰ ফাউণ্ডেচন আৰু জীৱনজ্যোতিৰ প্ৰতিষ্ঠাতা ডা০ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই দুয়োটা অনুষ্ঠানৰ কাম-কাজৰ চমু খতিয়ান দাঙি ধৰাৰ লগতে অতিথিসকলক আদৰণি জনাই ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e92d9f7c-8ce6-461f-be27-766c989e9c6b/62eec2c8-f48b-4431-b7d5-c275f30f05c1.jpg)
প্ৰতিষ্ঠা দিৱসক অধিক আকৰ্ষণীয় কৰি তোলে- চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰা কেইবাগৰাকী শিশু আৰু যুৱক-যুৱতীৰ নৃত্য, কবিতা আবৃত্তি আৰু চুটি নাট্যাভিনয়ে। লগতে বাৰ্ণ কেয়াৰ ইউনিটৰ এগৰাকী নাৰ্চৰ মণিপুৰী নৃত্যও আছিল অতিকে আকৰ্ষণীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bb69e309-6046-4366-b932-fd3a1a0d6b93/ba3c45a4-5a53-45af-a0cf-37a66dc93c1d.jpg)
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা সাংবাদিক প্ৰকাশ মহন্তই তেঁওৰ ভাষণত কৰ্কট ৰোগে পীড়াদায়ক মৃত্যু দিয়াৰ বিপৰীতে অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ দেশতে শিশু,যুৱতী আৰু মহিলাসকলৰ গোটেই জীৱন পীড়াদায়ক কৰি তোলে। তেঁও কয়- ভাৰতত ডেৰ লাখ লোকৰ অগ্নিকাণ্ডত মৃত্যু হোৱাৰ বিপৰীতে আঢ়ৈ লাখৰো অধিক লোকে চিকিৎসাৰ পাছতো পংগু জীৱন-যাপন কৰিব লগাত পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/536c0f7e-c0fc-44d7-8c4f-13870151f1af/dd370249-5e30-4eaa-ad3f-aedac104d393.jpg)
আনহাতে এনে ঘটনাৰ বলি হোৱা সকলৰ ৮০ শতাংশই শিশু আৰু যুৱতী বা মহিলা বুলি উল্লেখ কৰি এইক্ষেত্ৰত চিকিৎসাৰ আন্তঃগাঁঠনি পৰ্যাপ্ত কৰাৰ লগতে সজাগতা বৃদ্ধিৰ ব্যাপক প্ৰচেষ্টাও প্ৰয়োজন বুলি তেঁও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/483bc9f5-de17-47e3-9cb6-cdab69ccb30e/82cfa986-7265-4202-a7f8-ffaf550d7fe3.jpg)
এইক্ষেত্ৰত ২দশকৰ পূৰ্বে নেমকেয়াৰ ফাউণ্ডেচনে হাতত লোৱা পদক্ষেপে বৃহৎসখ্যক ৰোগীক সুস্থ কৰি তোলাৰ লগতে সংস্থাপিত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেঁও নেমকেয়াৰ হাস্পতাল, বাৰ্ণ কেয়াৰ ফাউণ্ডেচন আৰু জীৱনজ্যোতিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে পৰস্পৰৰ মাজৰ সম্পৰ্ক, মানসিক সবলতা বৃদ্ধিৰ জৰিয়তে স্বাভাৱিক জীৱন-যাপনৰ বাবে সক্ষম হোৱা অগ্নিকাণ্ডত আক্ৰান্ত হৈ সুস্থ হোৱা সকলোকে তেঁও অভিনন্দন জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/10ce308e-57e6-41b7-bfdc-c632adfd14c1/ccd939ac-cd3a-4516-a450-2c00a4029c09.jpg)
ইয়াৰ পিছতে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা নেপথ্য কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যই চমু ভাষণৰ লগতে সকলোৰে অনুৰোধমৰ্মে তেওঁৰ জনপ্ৰিয় আলিঢাকি পৰ শালিকি...গীতটি পৰিবেশন কৰি সকলোকে আনন্দ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/22c157ff-ee51-4d79-8d70-752e835cc2fb/b256ddcf-f350-4ff0-a5a0-a8e2aade5f56.jpg)
অনুষ্ঠানৰ শেষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত থকা অগ্নিকাণ্ডত আক্ৰান্ত হৈ সুস্থ হোৱা বৃহৎসখ্যক শিশু, কিশোৰ, যুৱক-যুৱতী আৰু মহিলাক সম্বৰ্ধনা জনোৱাৰ উপৰি জীৱনজ্যোতিৰ জৰিয়তে সংস্থাপিত হৈ সমাজৰ হকে কাম কৰি থকা দুই যুৱক-যুৱতীকো প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে বাৰ্ণ কেয়াৰ ফাউণ্ডেচন আৰু জীৱনজ্যোতিৰ কাম-কাজ সম্পৰ্কীয় এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b638e8a2-5725-4ff9-a414-84a67f245f44/56d7a8ba-f3c8-4b47-a1e7-256ed162d71e.jpg)
Also Read: কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ মহাবিষ্ণু যজ্ঞ সম্পন্ন...