জে বি আইন মহাবিদ্যালয়ৰ স্মৰণিকাৰ বাবে লেখা বিচাৰি আহ্বান

জে বি আইন মহাবিদ্যালয়ৰ স্মৰণিকাৰ বাবে লেখা বিচাৰি আহ্বান

ডিজিটেল ডেস্ক : ৰাজ্যৰ আইন শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈছে জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়। গুৱাহাটী মহানগৰীস্থিত গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ সন্মুখত অৱস্থিত জে বি আইন মহাবিদ্যালয়।

উল্লেখ্য যে, জে বি আইন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল ১৯৬৯ চনত। সোণালী জয়ন্তী অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনে মহাবিদ্যালয়খনৰ স্বৰ্ণময় ইতিহাস সুঁৱৰি এখনি 'জ্ঞানমাৰ্গ' নামেৰে স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবে দিহা কৰিছে।

সেয়েহে মহাবিদ্যালয়খনৰে জড়িত শুভাকাঙ্খী,প্ৰাক্তন শিক্ষাৰ্থী,অভিভাৱক,প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী তথা প্ৰাক্তন কৰ্মচাৰীৰ লগতে অধ্যয়নৰত ছাত্ৰী-ছাত্ৰীৰ পৰা স্মৰণিকা সম্পাদনা সমিতিয়ে লেখা বিচাৰিছে। এই লেখাসমূহ মৌলিক হোৱাটো বাঞ্চনীয়।

লেখাসমূহ Times New Roman অথবা ৰামধেনু লিপিত ১৫০০ শব্দৰ ভিতৰত পঠিয়াবলৈ অনুৰোধ জনাইছে। ইয়াৰোপৰি লেখাসমূহ souvenirgoldenjubleejble@gmail.comত অহা ৩০ অক্টোবৰ ২০২৩ৰ ভিতৰত পঠিয়াবলৈ অনুৰোধ জনাইছে।

জে বি আইন মহাবিদ্যালয়ৰ স্মৰণিকাৰ বাবে লেখা বিচাৰি আহ্বান
ইম্ফলৰ দুৰ্গম অঞ্চলত অস্ত্ৰ-শস্ত্ৰসহ গোলা-বাৰুদ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in