"চাহ শ্ৰমিকৰ বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰিলে জীৱনধাৰণৰ মানদণ্ড উন্নীত হ’ব": মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

চাহ বাগিচাত জে জে এম ৰূপায়ণত সহায় কৰিবলৈ চাহ বাগিচা পৰিচালনা সমিতি আৰু অংশীদাৰসকলক আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
"চাহ শ্ৰমিকৰ বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰিলে জীৱনধাৰণৰ মানদণ্ড উন্নীত হ’ব": মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল সংবাদ, গুৱাহাটী: মঙ্গলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক। জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ সফল ৰূপায়ণৰ সন্দৰ্ভত ৰাজ্যৰ চাহ বাগিচা পৰিচালনা সমিতি আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বৈঠক অনুষ্ঠিত কৰে। য'ত চাহ বাগিচা থকা সমষ্টিৰ বিধায়কসকলে অংশগ্ৰহণ কৰে।

সভাত বক্তব্য ৰাখি মন্ত্ৰী বৰুৱাই চাহ বাগিচা পৰিচালনা সমিতিক অসমৰ সকলো চাহ বাগিচাতে জল জীৱন মিছন আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।

ৰাজ্যজুৰি জেজেএমৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সম্পূৰ্ণ ৰাজ্যৰ কামৰ গড়তকৈ চাহ বাগিচাৰ কামৰ গড় তুলনামূলকভাৱে উন্নত। মন্ত্ৰী গৰাকীৰ মতে স্বাধীনতাৰ পিছৰ পৰা চাহ বাগিচাসমূহত এইটোৱেই হৈছে সৰ্বাধিক পানী যোগানৰ আন্তঃগাঁথনিৰ ব্যয়। যাৰ যোগেদি অসমৰ ৮০০খন চাহ বাগিচা সামৰি লোৱা হ’ব আৰু চাহ বাগিচাৰ শ্ৰমিকসকলে ODF মৰ্যদা আৰু জে জে এমৰ যোগেদি এক ৰোগমুক্ত জীৱন যাপন কৰাত সহায় কৰিব।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা সংগঠনসমূহক আঁচনিসমূহৰ কাম-কাজ নিৰীক্ষণ কৰাৰ লগতে সকলো স্তৰতে বিশুদ্ধ খোৱাপানী উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ মেনেজমেণ্টক স্থানীয় বিষয় যেনে মাটিৰ উপলব্ধতা আদি চোৱাচিতা কৰিবলৈও আহ্বান জনায়।

উল্লেখযোগ্য এতিয়ালৈকে সকলো চাহ বাগিচাতে মুঠ ২.৭৫ লাখ এফ এইচ টি চি(FHTC) স্থাপন কৰা হৈছে আৰু সমগ্ৰ অসমৰ ৮০৩খন চাহ বাগিচাত মুঠ ১৬০৩খন পানী যোগান আঁচনি কাৰ্যকৰী হ’ব। উক্ত সভাত মন্ত্ৰী সঞ্জয় কিষান, মন্ত্ৰী যোগেন মোহন, ভালে সংখ্যক বিধায়ক আৰু চাহ সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

"চাহ শ্ৰমিকৰ বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰিলে জীৱনধাৰণৰ মানদণ্ড উন্নীত হ’ব": মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in