গ'লগৈ অভিনেতা জয়ন্ত দাসো : ক্ষোভ আৰু আক্ষেপেৰে কৈছিলঃ মোক কোনেও মনত নাৰাখক...

গ'লগৈ অভিনেতা জয়ন্ত দাসো : ক্ষোভ আৰু আক্ষেপেৰে কৈছিলঃ মোক কোনেও মনত নাৰাখক...

ডিজিটেল ডেস্ক: অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস আৰু নাই। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। ''মুকুতা” চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা জয়ন্ত দাসে পৰৱৰ্তী সময়ত ৰূপায়ণ কৰা প্ৰতিটো চৰিত্ৰই জনপ্ৰিয় হৈ পৰিছিল।

এসময়ত কটন কলেজত এগৰাকী ক্ৰিকেটাৰ হিচাপেহে আসন লাভ কৰা জয়ন্ত দাসে ৮০ ৰ দশকত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ হাতত ধৰি প্ৰৱেশ কৰিছিল নাট্যজগতত। ইয়াৰ পাছতেই তেওঁৰ জীৱনে লৈছিল অন্য গতি।

অসমীয়া চিনেমাত প্ৰথমে খলনায়কৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ চিনাকী হৈ পৰা অৱশ্যে পৰৱৰ্তী সময়ত তেওঁৰ কমেডী অভিনয়হে অধিক জনপ্ৰিয় হৈ পৰে। এগৰাকী কমেডী অভিনেতা হিচাপে তেওঁ লাভ কৰে ব্যাপক জনপ্ৰিয়তা। 'ভাড়াঘৰ' শীৰ্ষক ধাৰাবাহিকত কৰা তেওঁৰ সেই চৰিত্ৰ কোনে পাহৰিব পাৰে? কোনে পাহৰিব পাৰে 'পাপু নিকু সংবাদ'ৰ কথাঁ? এইখনেই আছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন কমেডী চিনেমা।

বুকুৰ মাজত জ্বলে, জোন জ্বলে কপালত, ভূমিপুত্ৰ, নায়ক, কন্যাদান, মন, কাদম্বৰী, মইনা চৰাইৰ মইনা মাত, জোনাকী মন, আই ক'ত নাই (মা) , অদম্য, অধিনায়ক, খেল দ্যা গেম, ৰামধেনুকে ধৰি একাধিক চিনেমাত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা এইগৰাকী অভিনেতাক যোৱা ৯ ডিচেম্বৰত গুৱাহাটীৰ এপ'ল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল।

তেওঁৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত হৈ থকাসকলৰ লগতে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰে। ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো তেওঁক সাক্ষাৎ কৰিছিল আৰু তেওঁৰ সকলো চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য অতি ৰঙিয়াল ব্যক্তি হিচাপে পৰিচিত জয়ন্ত দাসে এসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ভাড়াঘৰ ধাৰাবাহিকত অভিনয় কৰি থকাৰ সময়তে কৈছিল তেওঁক মৃত্যুৰ পাছত কোনেও মনত ৰাখিব নালাগে।

এক সাক্ষাৎকাৰত তেওঁ কৈছিল- মই ভাবো কোনেও মোক মনত নাৰাখক, সেইটোৱেই মই বিচাৰিম ৷ সেইবাবেই মই মোৰ শেষ ইচ্ছাৰ টোকা এটা সাজু কৰি থৈছো ৷ মই মৰিম, ডাইৰেক্ট কাট টু শ্মশান ৷ এই ট্ৰাকত উঠাই ঘূৰোৱা, নাটক কৰা, ক্লাবলৈ নিয়া, এইবোৰ নহয় ৷ মই নিজে জানো মই কি বা কিমানৰ মানুহ ৷ মই মনত ৰাখিবলগীয়া প্ৰাণী নহয় ৷

অৱশ্যে এয়া তেওঁৰ আক্ষেপ আছিল নে কাৰোবাৰ প্ৰতি ক্ষোভ আছিল নে সঁচাই তেওঁ সেয়াই বিচাৰিছিল সেয়া কেৱল তেওঁৱেই জানে।

গ'লগৈ অভিনেতা জয়ন্ত দাসো : ক্ষোভ আৰু আক্ষেপেৰে কৈছিলঃ মোক কোনেও মনত নাৰাখক...
২৪৬ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা দুই অভিযন্তাক আৰক্ষীক জিম্মালৈ প্ৰেৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in