২৪৬ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা দুই অভিযন্তাক আৰক্ষীক জিম্মালৈ প্ৰেৰণ...

২৪৬ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা দুই অভিযন্তাক আৰক্ষীক জিম্মালৈ প্ৰেৰণ...
২৪৬ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা দুই অভিযন্তাক আৰক্ষীক জিম্মালৈ প্ৰেৰণ...

ডিজিটেল সংবাদ ধেমাজিঃ ভূমি ক্ষতিপূৰণৰ বাবদ ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬৪৪ টকাৰ দুৰ্নীতি আৰু লুন্ঠনৰ ঘটনাৰ সৈতে জড়িত থকা অভিযোগত শুকুৰবাৰে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সহকাৰী কাৰ্য্যবাহী অভিযন্তা সুনীল দলে আৰু সহকাৰী অভিযন্তা লব সোনোৱালক আজি আৰক্ষীয়ে দুপৰীয়া ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায় ৷ এজনক ধেমাজিত আনজনক ৰঙিয়াত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত সাক্ষাত কৰোৱাৰ পাছতেই দুয়োকে আদালতে তিনিদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনালৈ যোৱা পথচোৱা অসম মালা আচঁনিৰ অধীনত ২৪৬ কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে। এই পথটিৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ বাবদ মাছখোৱা চাৰিআলিৰ অংশত ক্ষতিপূৰণ ক্ষতিগ্ৰস্তসকলৰ সৈতে মিলি ধেমাজি জিলা প্ৰশাসনৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত, তদানীন্তন ৰাজহচক্ৰ বিষয়া, মণ্ডল কানুনগু আৰু একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া, কৰ্মচাৰী আৰু অভিযন্তাসকলে বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল।

এই কেলেংকাৰীৰ ঘটনাৰ কাণ্ডৰ বিষয়ে পোহৰলৈ অহাত জিলাখনত সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে দুপৰীয়া সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাই জনাই এই সংক্ৰান্তত আৰক্ষী থানাত ৰুজুৰ হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযন্তাক।

তেওঁলোকক অধীক সোধপোছৰ বাবে তিনিদিন কাৰণে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। লগতে তেওঁ এই কেলেংকাৰীত জড়িত কোনো এজনো যাতে সাৰি যাব নোৱাৰে তাৰ বাবে এই গোচৰ সন্দৰ্ভত অধিক তদন্ত অ্যাহত আছে আৰু অচিৰেই কেলেংকাৰীত জড়িত কেইবাজনো লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি অৱগত কৰে ৷

ইফালে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে কাকতলৈ কয়, ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি-অনিয়ম বন্ধ হ'ল বুলি দাবী কৰাৰ সময়তে যোৱাকালি ধেমাজি আৰক্ষীয়ে "অসম মালা" আচঁনিৰ অধীনত ধেমাজি জিলাৰ তেলিজানৰ পৰা মাছখোৱা হৈ ঢকুৱাখানালৈ নিৰ্মাণ হৈ থকা পথটোৰ ক্ষতিপূৰণ আদায়ৰ নামত দুৰ্নীতিৰ অভিযোগত মাছখোৱাৰ মিন্টু কামান আৰু চিন্তু শইকীয়াই দিয়া গোচৰৰ ভিত্তিত গড়কাপ্তানি (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা সুনীল দলে আৰু কনিষ্ঠ অভিযন্তা লৱ সোণোৱালক গেপ্তাৰ কৰিছে ।

বিবৃতিত কয় " তেলিজান -ঢকুৱাখানা সংযোগী পথ নিৰ্মাণৰ ক্ষতিপূৰণ প্ৰদানৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীকে গেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে । মূল পথত নক্সা সলনি কৰা গড়কাপ্তানি (পথ) বিভাগৰ বিষয়া-অভিযন্তা, ঘৰ-মাটি-সম্পত্তিৰ ভুৱা তথ্য দিয়া লাট মণ্ডল, কাননগো, চক্ৰ বিষয়া আদিকো গেপ্তাৰ কৰিব লাগে।"

ইয়াৰোপৰি উল্লেখ কৰিছে, এই কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড সেইসময়ৰ ধেমাজি জিলাৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপাযুক্ত উৎপল দলে । উৎপল দলেৰ বিৰুদ্ধে ইয়াৰ আগতেও চাৰিলেন যুক্ত পথ নিৰ্মাণৰ ক্ষতিপূৰনৰ নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল ।

তেলিজান- ঢকুৱাখানা পথটোৰ ক্ষতিপূৰণৰ নামত কোটি টকা হস্তগত কৰাৰ লক্ষৰে মধ্যভোগী পংকজ মোহন য়েুইনৰ লগ-লাগি সমগ্ৰ ব্লুপিণ্ট তৈয়াৰ কৰে। মধ্যভোগী পংকজ মোহন য়েইনৰ মাছখোৱা চাৰিআলিত অৱস্থিত তেলডিপো বছোৱাৰ স্বাৰ্থত পথৰ নক্সা সলনি কৰি প্ৰায় বিপৰীত দিশত থকা থানেশ্বৰ দত্ত, চন্দ্ৰ দত্ত, জয়ন্ত দত্ত, অমূল্য শইকীয়া, বিশ্ব কোঁচ, পূৰ্ণ দত্ত, ভাস্কৰজ্যোতি দত্ত, বীৰেণ শইকীয়া, সবিতা দাস, লীলা কোঁচ আদি ব্যক্তিসকলৰ ঘৰ-মাটি-সম্পত্তিৰ ভুৱা তথ্য প্ৰস্তুত কৰি প্ৰায় ২৫ কোটি টকাৰ ওপৰত ক্ষতিপূৰণ আদায় কৰিছে ।

সেয়েহে দুৰ্নীতি বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উক্ত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত উৎপল দলেকে ধৰি ক্ষতিপূৰণ কেলেংকাৰীৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীকে গেপ্তাৰ কৰি চৰকাৰ খনৰ নিকা ভাৱমূৰ্তিৰ পৰিচয় ডাঙি ধৰিব লাগে ।"

২৪৬ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা দুই অভিযন্তাক আৰক্ষীক জিম্মালৈ প্ৰেৰণ...
৩ বছৰীয়া বৰ্ষপূৰ্তিত প্ৰমোদ বড়োৱে ক'লে তিনি বছৰত বি টি আৰত সংঘটিত হোৱা নাই এটাও হিংসাত্মক ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in