/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1bae0b2c-ac00-4d69-9451-7f55894181e6/AP_FOR_WEB_sir.jpg)
হেমকোষ ব্ৰেইলৰ বিশ্ব অভিলেখঃ জয়ন্ত বৰুৱাক বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা অব্যাহত...
ডিজিটেল ডেস্কঃ 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ প্ৰণয়নেৰে অসমীয়া জাতিৰ শ্ৰেষ্ঠত্ব বিশ্ব দৰবৰাত প্ৰতিষ্ঠা কৰা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱাক দলং, সংগঠন, ব্যক্তিবিশেষৰ সম্বৰ্ধনা, উষ্ম অভিনন্দন আজিও অব্যাহত আছে। জাতিক মহিমাণ্ডিত কৰা ঐতিহাসিক প্ৰচেষ্টাৰ মূল হোতা জয়ন্ত বৰুৱাক আজি তিনিটা সংগঠনে জ্ঞাপন কৰে সম্বৰ্ধনা।
গুৱাহাটীৰ চানমাৰীস্থিত 'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যালয়ত সংগঠনকেইটাৰ প্ৰতিনিধি দলে পৃথকে পৃথকে সম্বৰ্ধনা জ্ঞাপন কৰে জয়ন্ত বৰুৱাক। চৰ চাপৰি সাহিত্য পৰিষদ, অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু সদৌ অসম দেৱ দামোদৰ সংস্থাই গামোচা, জাপি, শৰাই, সম্বৰ্ধনা পত্ৰৰে জয়ন্ত বৰুৱাক অভিনন্দন জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/75f2eb0b-8585-4054-a074-e83fe92d6eb8/e4d04967_e930_4c5c_bc70_5f84cb34d48f.jpg)
চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ, সম্পাদক চালিম খান চৌধুৰী আৰু সাংগঠনিক সম্পাদক ফাইজুদ্দিন আহমেদৰ নেতৃত্বত ১৫ জনীয়া সদস্যৰ দল এটাই ব্ৰেইল হেমকোষ প্ৰকাশকগৰাকীক সম্বৰ্ধনা জনায়। জয়ন্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰি সংগঠনটোৰ সভাপতি হাফিজ আহমেদে কয় যে, হেমকোষৰ ব্ৰেইল সংস্কৰণে অসমীা জাতিক গৌৰৱান্বিত কৰিলে।
তেওঁ কয়, হেমকোষ হৈছে একমাত্ৰ অভিধান য'ত চৰ চাপৰিৰ প্ৰায় এহেজাৰ শব্দ অন্তৰ্ভুক্ত হৈছে। চৰ-চাপৰিৰ শব্দ অসমৰ আন কোনো অভিধানত নাই। সেয়ে এনে এখন অভিধানৰ ব্ৰেইল সংস্কৰণে বিশ্ব অভিলেখ গঢ়া কাৰ্যই চৰ চাপৰি অঞ্চলৰ জনগণকো উৎফুল্লিত কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/91b86724-6d72-4782-bd3a-f8d95583a32f/71a89ac4_2d1b_4dd1_955e_dab5ed569141.jpg)
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ তেজপুৰৰ পৰা অহা দলটোক নেতৃত্ব দিয়ে পুলিন ভট্টাচাৰ্যই। প্ৰতিনিধি দলটোয়ে ব্ৰেইল হেমকোষৰ সফলতাৰ বাবে জয়ন্ত বৰুৱাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে 'সাউদ ভোলানাথ বৰুৱা স্মৃতি দিৱস'ৰ সভালৈ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষগৰাকীক নিমন্ত্ৰণ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/55bef68e-33ae-4372-9ef1-711d01a63a96/0683ee0b_33ff_4e00_b7d7_c99685fc8315.jpg)
ইপিনে সদৌ অসম দেৱ দামোদৰ সংঘৰ ফালৰ পৰা জয়ন্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে সভাপতি, সম্পাদককে ধৰি কেন্দ্ৰিয় সমিতিৰ সদস্য আদিয়ে। উল্লেখ্য যে যোৱা ১ মে'ত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই হেমকোষৰ ব্ৰেইল অভিধানক বিশ্বৰ আটাইতকৈ বৃহৎ দ্বিভাষিক ব্ৰেইল অভিধানৰ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। তেতিয়াৰে পৰা জয়ন্ত বৰুৱাক বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে।