সদ্য অৱসৰ লোৱা অধ্যক্ষ, অভিযন্তা, চিকিৎসক আদিৰ এটা দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনালে একালৰ শিক্ষাগুৰুক...

সদ্য অৱসৰ লোৱা অধ্যক্ষ, অভিযন্তা, চিকিৎসক আদিৰ এটা দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনালে একালৰ শিক্ষাগুৰুক...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ গৌৰৱ‌জ্জল মহাৰজত জয়ন্তী গৰকা বেবেজীয়া পণ্ডিত কনক চন্দ্ৰ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৪ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয়খনৰ ৮০,৯০ উৰ্ধ্বৰ দুজন প্ৰাক্তন শিক্ষকৰ বাসগৃহত গৈ গুৰু প্ৰণাম কৰাৰ লগতে সম্বৰ্ধনা জনোৱাৰ এক প্ৰশংশনীয় পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপে অঞ্চলবাসীৰ মাজত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

উল্লেখ্য যে এসময়ৰ গণিতৰ দক্ষ শিক্ষক তথা ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মী নাৰায়ণ শৰ্মাৰ খুটীকটীয়াৰ বাসগৃহত গৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শৰাই, চেলেং, গামোচা, সম্বৰ্ধনা প্ৰত্ৰ আৰু ফুলৰ থুপাৰে উষ্ম সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ৯২ বছৰ গৰকা কৃতী শিক্ষক বকুল চন্দ্ৰ বৰাক নগাঁও আমলাপট্ৰিৰ বাসগৃহত সম্বৰ্ধনা জনায় শৰাই, চেলেং, গামোচা, সম্বৰ্ধনা প্ৰত্ৰ আৰু ফুলৰ থুপাৰে ।

উল্লেখ্য যে প্ৰাক্তন ছাত্ৰ -ছাত্ৰীসকলৰ দলটোত আছিল দেৱপ্ৰসাদ হাজৰিকা, গুণকান্ত দাস, প্ৰণবানন্দ বেজবৰা, অজিত শৰ্মা, ভূপেন শৰ্মা, ডাক্তৰ অচিন্ত সুন্দৰ শৰ্মা, সিদ্ধেশ্বৰ ডেকা, নৰেন চন্দ্ৰ দাস, দেৱেন নাথ, অনিমা মহন্ত, নিৰমা ভূঞা, মাধৱী সুত, হেমপ্ৰভা বৰা।

ইফালে সম্বৰ্ধিত শিক্ষা গুৰু দুজনাই সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ হুক হুকাই কান্দি ছাত্ৰ-ছাত্ৰীসকলক আশীষ প্ৰদান কৰে। উল্লেখযোগ্য যে আজি প্ৰাক্তন ছাত্র- ছাত্ৰীৰ দলটোত থকা সদস্যসকলৰ ভিতৰৰ দুজন অধ্যক্ষ, এজন অভিযন্তা, কেইবা জনো পৰিদৰ্শক, এজন বেংকৰ মুখ্য পৰিচালক, এজন চিকিৎসককে ধৰি সমাজৰ বিভিন্ন স্তৰত সেৱা আগবঢ়াই চাকৰি জীৱনৰ পৰা সদ্য অৱসৰ গ্ৰহণ কৰিছে ।

সদ্য অৱসৰ লোৱা অধ্যক্ষ, অভিযন্তা, চিকিৎসক আদিৰ এটা দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনালে একালৰ শিক্ষাগুৰুক...
গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৮ সংখ্যক তিৰোভাৱ তিথি উৎসৱ পালন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in