গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত "জনসম্পৰ্ক" শীৰ্ষক অনুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত "জনসম্পৰ্ক" শীৰ্ষক অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি "জন-সম্পৰ্ক- A public relations meet" শীৰ্ষক আলোচনা সভা অনুষ্ঠিত হয়। উক্ত আলোচনা সভাত অসমৰ বিভিন্ন ব্যক্তিগত আৰু চৰকাৰী উন্নয়ন খণ্ডৰ কেইবাগৰাকীও জনসংযোগকাৰী বিষয়া উপস্থিত থাকে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে হিমাংশু কুমাৰ শৰ্মা (জ্যেষ্ঠ উপ সাধাৰণ সঞ্চালক, ক'ৰ্পৰেট কমিউনিকেশ্বন দিল্লী মেট্ৰ' পৰিবহন), মাধুৰ্য সিং লহকৰ (জ্যেষ্ঠ সঞ্চালক আৰু জনসম্পৰ্ক বিষয়া NTPC, বঙাইগাঁ‌ও), মৃণালজ্যোতি ডেকা (জনসম্পৰ্ক বিষয়া আৰু উপাচাৰ্যৰ সচিব, গুৱাহাটী বিশ্ববিদ্যালয়) আৰু লগতে উপস্থিত থাকে জন-সংযোগ বিষয়া সমৰেশ বৰ্মন (জনসম্পৰ্ক আৰু তথ্য বিষয়া, তেজপুৰ বিশ্ববিদ্যালয়)।

অনুষ্ঠানতিৰ উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড° জগদীশ শৰ্মা আৰু অনুষ্ঠানতিৰ আৰম্ভণিতে শুভেচ্ছা মূলক ব্যক্তব্য আগবঢ়াই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপজোতি সন্দিকৈ দেৱে এই অনুষ্ঠানতিৰ সম্পৰ্কত এক শুভেচ্ছা মূলক বাৰ্তা আগঢ়োৱাৰ লগতে এনেধৰনৰ অনুষ্ঠান সমূহ বিশ্ববিদ্যালয়ত আয়োজন কৰা বাবে ধন্যবাদ জনায়।

আলোচনা কক্ষত জনসংযোগত কৃত্ৰিম বুদ্ধিমত্তাৰে কাম কৰা আৰু বজাৰ পৰিচালিত পৃথিৱীত জনসংযোগৰ প্ৰত্যাহ্বান সন্দৰ্ভত ব্যাখ্যা কৰি অতিথিসকলে মতামত আগবঢ়ায়। সমল ব্যক্তি হিমাংশু কুমাৰ শৰ্মাই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত কয় যে, কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষা খণ্ডত ভৱিষ্যতে অভূতপূৰ্ব প্ৰভাৱ পেলাব। কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত মানুহৰ মানসিক চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটিছে বুলিও তেওঁ উল্লেখ কৰে।

আন এগৰাকী সমল ব্যক্তি মৃণালজ্যোতি ডেকাই কয় যে, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই নিজৰ স্থান দখল কৰিছে আৰু ইয়াৰ ফলত অনাগত সময়ছোৱাত মানৱ জীৱনত এক বহুল প্ৰভাৱ পেলাব বুলি কয়। NTPC বঙাইগাৱৰ জন-সম্পৰ্ক ৰক্ষী বিষয়া মাধুৰ্য্য সিংহ লহকৰে কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ বজাৰ দখল কৰি আহিছে সেই বিষয়ে মন্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি বজাৰকেন্দ্ৰীক পৃথিৱী এখনত জনসম্পৰ্কৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ কৌশল সমূহ আয়ত্ত কৰিবলৈ আহ্বান জন‍ায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া সমৰেশ বৰ্মনে বৰ্তমান সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈ থকা বিষয় বস্তুৰ উপৰত AI ৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰাৰ লগতে জনসম্পৰ্কৰ ক্ষেত্ৰত বিষয়বস্তুৰ নিৰ্বাচনৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।

আলোচনাচক্ৰৰ দুয়োটা বিষয়ত আঁত ধৰে ক্ৰমে ড০ অনুপা লহকৰ আৰু ড০ ভাৰতী ভড়ালীয়ে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষকসকল ক্ৰমে ড০ ৰামন বৰা, ড° বিষ্ণু শইকীয়া, নিশান্ত শৰ্মা, জিৎ শইকীয়া আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অনুষ্ঠানত সহযোগিতা আগৱঢ়োৱা বিভিন্ন প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰী তথা সদস্যসকল উপস্থিত থাকে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত "জনসম্পৰ্ক" শীৰ্ষক অনুষ্ঠান
ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃতী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ল ড° বাণীকান্ত কাকতি মেধা বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in