/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/acef299b-b9e3-47c5-b228-b2760a814531/jalukbari_15.jpg)
জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ হত্যাকাৰীক গ্ৰেপ্তাৰ...
ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া জালুকবাৰীত সংঘটিত হোৱা কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। অতি তৎপৰতাৰে আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত বুলবুল হুছেইন।
উল্লেখ্য যে, জালুকবাৰীত বুধবাৰে নিশা এগৰাকী কিশোৰীৰ মৃতদেহ বাথৰুমত উদ্ধাৰ হৈছিল। ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি নিশ্চিত হয়।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে আৰু এই হত্যাকাণ্ড বুলবুল হুছেইনে সংঘটিত কৰাৰ ক্লু লাভ কৰে।
আৰক্ষীয়ে বুলবুল হুছেইনক ছয়গাঁৱৰ হাতীচলা পামৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ধৃত বুলবুলে ইতিমধ্যে আৰক্ষীৰ আগত এই হত্যাকাণ্ডৰ বিষয়ে স্বীকাৰ কৰিছে।
Also Read: 'বিপৰ্যয়'ৰ পৰা গুজৰাটক ৰক্ষা কৰিবলৈ যুদ্ধসদৃশ তৎপৰতাঃ ৭৪ হাজাৰৰো অধিক লোকক স্থানান্তৰ...