১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ...

১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ...
১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ...

ডিজিটেল ডেস্কঃ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্হাৰ অধ্যক্ষ ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ৷ অহা ১৭ জানুৱাৰীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতি সম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

নতুনকৈ স্হাপন কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱত শেহতীয়াকৈ ইছৰোৰ দ্বাৰা আদিত্য এল-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ইছৰোৰ অধ্যক্ষ তথা বিজ্ঞানী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথক সিদিনা সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° যোগেশ কাকতিয়ে জানিবলৈ দিছে৷

উল্লেখ্য যে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ দ্বাৰা স্হাপন কৰা আৰু ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰে শিক্ষাৰম্ভ কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পি,এইছ,ডি পাঠ্যক্ৰমৰ ব্যৱস্হা কৰিছে৷ অহা শিক্ষাবৰ্ষৰ পৰা মূল কেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংবৰীত স্থায়ী ভাৱে শিক্ষাদান আৰম্ভ হ'বলগীয়া বিশ্ববিদ্যালয়খনে সম্প্ৰতি গুৱাহাটীৰ গীতানগৰস্থিত মহানগৰ চৌহদত পাঠদান অব্যাহত ৰাখিছে৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৭ জানুৱাৰীৰ আবেলি তিনি বজাত অনুষ্ঠিত হ'বলগীয়া সম্বৰ্ধনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত -বিনিময় অনুষ্ঠানত মূলত উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ বিদ্যাৰ্থীক প্ৰমুখ্য কৰি আয়োজন কৰা অনুষ্ঠানটিত সকলো শাখাৰ বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

বন্তি প্ৰজ্জ্বলন আৰু শিল্পী দিৱস উপলক্ষে মহান শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতি মূৰ্তিত মাল্যাৰ্পণেৰে শুভাৰম্ভ হ'বলগীয়া উক্ত অনুষ্ঠানত উপস্হিত থাকিবলৈ আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে৷ ইয়াৰ বাবে বিশ্ববিদ্যালয়ৰ ৱেবচাইটত ইতিমধ্যে গুগুল ফৰমেট বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুকলি কৰি দিছে৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে অহা ৯ জানুৱাৰীৰ পূৰ্বে সময়ৰ উক্ত গুগুল ফৰ্মত আগতীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰি প্ৰমুখ বিজ্ঞানীগৰাকীৰ সান্নিধ্যৰ সুযোগ লাভ কৰিব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হৈ সংবাদমেলত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিংহ, আয়োজক সমিতিৰ সভাপতি অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য, বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী আৰু বিশ্ববিদ্যাল়য়ৰ পঞ্জীয়ক অধ্যাপক যোগেশ কাকতিয়ে সংবাদদাতা সকলক জানিবলৈ দিছে৷

১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ...
পুৰণিগুদামৰ ম'হপাৰাত বাঘৰ আতংক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in