/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/66309638-a7c3-43c0-9bb6-193e2dc0f29d/tiger_8.jpg)
পুৰণিগুদামৰ ম'হপাৰাত বাঘৰ আতংক...
ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি থকা নৰখাদক বাঘটোৰ শেহতীয়া স্থিতি পুৰণিগুদামৰ ম'হপাৰা। বাঘটোৰ উপস্থিতিক কেন্দ্ৰ কৰি বঢ়মপুৰৰ ভেৰভেৰী বকুলতলৰ পিছত এইবাৰ ম'হপাৰাত আতংকৰ সৃষ্টি হৈছে।
জানিব পৰা মতে এগৰাকী মাছমৰীয়াই সোমবাৰে দিনৰ ভাগত এটা প্ৰকাণ্ড বাঘ ম'হপাৰাত প্ৰত্যক্ষ কৰিছে। আনহাতে জলাহৰ কেঁচামাটিত বাঘৰ খোজৰ ছাপো স্পষ্ট হৈ আছে। বৃহদাকাৰ বাঘৰ খোজৰ ছাপ দেখি হাতে-হাতে যাঠী-জুংলৈ ওলাই আহিছে স্থানীয় গঞা।
ইফালে জলাহত উপস্থিত হৈছে নগাঁও সদৰ বনাঞ্চলিক বিষয়া গৰাকীৰ লগতে এটি বনৰক্ষীৰ দল। এই বনৰক্ষীৰ দলটোৰ সন্দেহ বাঘটো পুনৰ পাহাৰলৈ গতি কৰিছে। অৱশ্যে সেয়া এতিয়াও স্পষ্ট নহয়।
Also Read: বটদ্ৰৱাৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীক ৰূপক শৰ্মাৰ সাহায্য বিতৰণ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us