/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/45358f5b-1ed4-406d-8d7b-17edc562a5c7/a11.jpg)
ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ উদ্যোগত নাৰী দিৱস উদযাপন। ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। এই উপলক্ষে অসম লেখিকা সমাজে অসম সাহিত্য সভা গুৱাহাটী কাৰ্যালয়ৰ জয়ন্ত কুমাৰ-লখিমী বুৰুৱা সদনত এখন সভা অনষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9fac7471-8d70-449b-a136-911f5c50318f/f02974b0_e2f0_4831_8bc7_edd3c45539ba.jpg)
বুধবাৰে অনুষ্ঠিত হোৱা সভাখনত বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনায়। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অসম লেখিকা সমাজে মাহেকীয়া আলোচনী নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ নাৰী কৰ্ম প্ৰেৰণা বঁটা আগবঢ়ায়। লগতে বিশিষ্ট সাংবাদিক টেৰেছা ৰহমানকো উক্ত বঁটাৰে সন্মানিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0152c035-3cba-4062-88fa-9afd5cbe8d9e/1572e5c8_139a_444c_af02_2d2d366e47ae.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে জয়শ্ৰী শইকীয়াই। আয়োজক সমিতিয়ে জনোৱা অনুসৰি পুৱা ১০ বজাত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনাৰ বিষয় আছিল সমাজত ঐক্য,সংহতি আৰু সমতাস্থাপনত নাৰীৰ ভূমিকা।
আনহাতে দিনৰ ১২-৩০ বজাত অনুষ্ঠিত হয় মুকলি সভা। সভাখনত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰে সুনীতি সোণোৱাল,ড০ দয়ানন্দ পাঠক, আদিয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ড০ চুলতানা হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e90f18b4-eb9d-4200-be82-208732cc0d41/49e35bab_9a4c_4421_b190_b0158663ba01.jpg)
অন্যহাতে লেখিকা সমাজে বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিশিষ্ট লেখিকা ৰেখা বৰুৱাক। সাংগাঁঠনিক পাৰদৰ্শিতা বঁটা প্ৰদান কৰে ৰত্না ৰংচেহনপী,মঞ্জুৰাণী ডেকা, অনিতা গগৈ,জুনুমণি গগৈ আৰু মধুমিতা দত্তক।
নলবাৰী জিলা লেখিকা সমাজে সিংহনাৰী উপাধি প্ৰদান কৰে অসম লেখিকা সমাজৰ সভানেত্ৰী পদুমী গগৈক। অনুষ্ঠানত উপস্থিত থকা লোকসকলে আজিৰ এই বিশেষ দিনটিত অসম লেখিকা সমাজৰ এই প্ৰয়াসৰ শলাগ লয়।
Also Read: সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া হৈ ৰোৱা প্ৰথম অসমীয়া নাৰী