সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া হৈ ৰোৱা প্ৰথম অসমীয়া নাৰী

সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া হৈ ৰোৱা প্ৰথম অসমীয়া নাৰী

আজি আন্তৰ্জাতিক নাৰী দিৱস, এই দিৱসৰ তাৎপৰ্য সমাজে বুজি পোৱাৰ বহু পূৰ্বৰে পৰাই কিন্তু বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছিল অসমৰ নাৰী । যি সকলেই পৰৱৰ্তী সময়ত এক নতুন পথৰ ৰচনা কৰিলে সমগ্ৰ সমাজৰ বাবে । সেই সকল নাৰীৰ সন্দৰ্ভতেই ভাস্কৰ নিলীমাৰ এই বিশেষ প্ৰতিবেদন -

যত্ৰ নৰ্মাস্তু পূজ্যতে ৰমন্তে তত্ৰ দেৱতাঃ। যত্ৰৈতাস্তু ন পূজ্যতে সৰ্বাস্তত্ৰাফলা ক্ৰিয়া।।

উক্ত শ্লোক ফাঁকিৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে, য'ত নাৰীসকলক শ্ৰদ্ধা-সন্মান কৰা হয়,তাতেই দেৱতাসকলে বিচৰণ কৰে। য'ত নাৰীসকলক সন্মান কৰা নহয়, তাত সকলো কৰ্মই নিষ্ফল হয়।

পূৰ্বৰ পৰাই ভাৰতীয় সংস্কৃতিত নাৰীসকলক এক সুকীয়া স্থান দি অহা হৈছে। য'ত নাৰীক মাতৃ জ্ঞান কৰা হয়। ভাৰতীয় সভ্যতাত নাৰীৰ এক সুকীয়া আসন আছে। পৰম্পৰা অনুসাৰে এই ধাৰা আজিও চলি আছে। অৱশ্যে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত নাৰী অপদস্থ হোৱাটোৱো নতুন কথা নহয়। বৰ্তমানৰ প্ৰেক্ষাপটত প্ৰায়ে এইধৰণৰ বাতৰিয়ে সামাজিক মাধ্যমত শিৰোনাম দখল কৰি আহিছে। আজিৰ এই শুভক্ষণত এনেধৰণৰ কথা আলোচ্যৰ বিষয় নহয়।

এতিয়া আহো শিৰোনামত উল্লেখ কৰা মূল বিষয়টিলৈ। প্ৰথম নাৰী। অসমৰ পটভূমিত ইয়াৰ বিষয়ে সম্যক আলোচনাৰ চেষ্টা চলোৱা হ'ব এই প্ৰতিবেদনখনৰ জৰিয়তে। প্ৰথম নাৰী। পুৰুষৰ সমানে সমানে অসমৰ নাৰীসকলেও বিভিন্ন ক্ষেত্ৰত উজলি উঠিছে। বিজ্ঞানসন্মতভাৱে শাৰিৰীক শ্ৰম শক্তিৰ দিশেৰে নাৰী পুৰুষতকৈ কিছু পৰিমাণে কম শক্তিশালী। তথাপিও তাক বাদ দি শৈক্ষিক,অৰ্থনৈতিক,সাংস্কৃতিক,ৰাজনৈতিক ইত্যাদি দিশত অসমৰ নাৰীয়ে বিভিন্ন প্ৰেক্ষাপটত প্ৰথম হৈ জিলিকি উঠিছে। এক কথাত বাটকটীয়া। যি কেইগৰাকী প্ৰাতঃস্মৰণীয় নাৰীৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি আছে।

চন ১৯৩৫। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবি। যি প্ৰথম অসমীয়া চিনেমা। জয়মতী ছবিত পোন প্ৰথমবাৰৰ বাবে অভিনেত্ৰী হিচাপে ভুমুকি মাৰিছিল আইদেউ সন্দিকৈয়ে। যিগৰাকী অভিনেত্ৰী প্ৰথম অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী মহিলা অভিনয় শিল্পী। আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯২০ চনত। পানী দিহিঙিয়া গাঁৱত। সেই সময়ৰ, সেই সমাজ ব্যৱস্থাত ছবিত অভিনয় কৰা মানেই যেন আছিল এক অপৰাধত। সমাজ বিৰোধী কাৰ্য। যাৰ বাবে তেওঁ সন্মুখীন হ'বলগীয়া হৈছিল লাঞ্চনা-বঞ্চনাৰ। জুই-পানীৰ পৰা একাশৰীয়া কৰিছিল আইদেউ সন্দিকৈক। জীৱনত বহু তিক্ততা সহ্য কৰি আবিয়ৈ হৈ জীৱন কটাই ২০০২ৰ ১৭ ডিচেম্বৰত জীৱন নাটৰ মেলানি মাগে।

অসমীয়া জাতিৰ এক পৰিচয় ভ্ৰাম্যমাণ থিয়েটাৰ। যি বিশ্বতে বিৰল। ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথমে পুৰুষসকলেই নাৰীৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হৈছিল। ১৯৬৩ চনত ভ্ৰাম্যমাণৰ জনক অচ্যুৎ লহকৰৰ নটৰাজ থিয়েটাৰত ভ্ৰাম্যমাণৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে খোজ পেলায় অনপমা ভট্টাচাৰ্যই। ভ্ৰাম্যমাণৰ মঞ্চত তেওঁ চিৰাজ,জয়মতী,জেৰেঙাৰ সতীকে ধৰি ভালেমান নাটকত অভিনয় কৰি ভ্ৰাম্যমানক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰোপৰি সংবাদ মাধ্যমত তেওঁ উল্লেখ কৰি যোৱা অনুসৰি সৰাপাত, নিমিলা অংক, মানৱ আৰু দানৱ আদি উল্লেখযোগ্য।

প্ৰথমগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেত্ৰীয়ে কভিডত আক্ৰান্ত হৈ জি এম চিৰ আই চি উত ভৰ্তি হয়। স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত ২০২২ চনৰ ৩০ জানুৱাৰীত ইহসংসাৰৰ পৰা মেলানি মাগে। তাৰোপৰি আন বিভিন্ন ক্ষেত্ৰত অসমীয়া নাৰীয়ে বাটকটীয়া হৈ নিজ কৰ্মৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে। সাহিত্যত নলিনীবালা দেৱী, ক্ৰীড়াৰ ক্ষেত্ৰত লাভলীনা বৰগোহাঁই, ৰাজনৈতিক ক্ষেত্ৰত আনোৱাৰা টাইমুৰ, চন্দ্ৰপ্ৰভা শইকীয়ানী ইত্যাদি।

অসমীয়া সাহিত্যৰ পথাৰত ১৯৫৭ চনত পোন প্ৰথম বাৰৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল নলিনীবালা দেৱীয়ে। লগতে সাহিত্য সভাৰ মজিয়াতো প্ৰথমগৰাকী মহিলা হিচাপে আসন অলংকৃত কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰখনৰ ফালে চালে দেখা যায় প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে তথা অসমৰ অষ্টমগৰাকী মুখ্যমন্ত্ৰীৰূপে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। আনহাতে ১৯২০-২১ চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰথমগৰাকী মহিলা হিচাপে বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ক্ৰীড়াৰ ক্ষেত্ৰত অসম তনয়া লাভলীনাই প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে অলিম্পিকত খেলি পদক জয় কৰিবলৈ সক্ষম হৈছিল। অসমলৈ প্ৰথম মহিলা খেলুৱৈ হিচাপে মনালিছা বৰুৱা মেহতাই অৰ্জুন বঁটাৰে সন্মানিত হৈছিল।

উল্লেখ্য যে, অসমৰত্ন বঁটা পোৱা প্ৰথম মহিলাগৰাকী হ'ল মামণি ৰয়ছম গোস্বামী। এনেদৰে বিভিন্ন ক্ষেত্ৰত অসমৰ জীয়ৰী তথা অসম কন্যাই বিশ্ব দৰবাৰত অসমৰ নাম যশ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। যি হৈ ৰ'ব অনাগত দিনৰ বাবে আশিষ-নিৰ্মালী। নৱ-প্ৰজন্মৰ বাবে আদৰ্শ -অনুপ্ৰেৰণা। যুগে যুগে পুষ্প অৰ্ঘত পূজিত হৈ থাকিব এইসকল আই-মাতৃ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in