ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 'হেল্থ হাইজিন আৰু নিউট্ৰিচন' শীৰ্ষক আলোচনা চক্ৰ

ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 'হেল্থ হাইজিন আৰু নিউট্ৰিচন' শীৰ্ষক আলোচনা চক্ৰ

ডিজিটেল সংবাদ,চিলাপথাৰ : অতিমাত্ৰাত নিমখ আৰু চেনী সেৱনৰ পৰা বিৰত থাকক। দুয়োবিধৰ অতিমাত্ৰা সেৱনে উচ্চ ৰক্তচাপ লগতে মধুমেহ হৰ দৰে মাৰাত্মক ব্যাধিৰ সূচনাৰ প্ৰধান কাৰক হৈ পৰিছে। এই মন্তব্য ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ দেব কুমাৰ সোনোৱালৰ।

শুকুৰবাৰে বিষ্ণুপুৰ পাঁচ আলিস্থিত ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) অনুষ্ঠিত 'হেল্থ,হাইজিন আৰু নিউট্ৰিচন' শীৰ্ষক মনোজ্ঞ আলোচনাচক্ৰত তেওঁ এইদৰে কয়। প্ৰতিষ্ঠানটোৰ উদ্যোগত দুই শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত স্বাস্থ্য সম্পৰ্কীয় কৰ্মশালাৰ আঁত ধৰে প্ৰতিষ্ঠানৰ প্ৰৱক্তা ডঃ ডেনী বৰাই।

প্ৰশিক্ষাৰ্থী সকলক সুস্বাস্থ্য ৰক্ষাৰ বিভিন্ন ঊপায়,হাত পৰিষ্কাৰ কৰাৰ বিভিন্ন কৌশল,বিভিন্ন বিষয়ক চিত্ৰাংকণ কৰিবলৈ দিয়াৰ লগতে প্ৰদৰ্শন কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ দেৱ কুমাৰ সোনোৱালে বিষয় বস্তুৰ ওপৰত সংগতি ৰাখি সাম্প্ৰতিক মাৰাত্মক ৰূপ ধাৰণ কৰা উচ্চ ৰক্তচাপ, মধুমেহ,থাইৰয়ডৰ বিসংগতিৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধ- প্ৰতিকাৰৰ উপায়বোৰৰ বিষয়ে খৰচি মাৰি আলোচনা আগবঢ়ায়।

ৰাইজক প্ৰচুৰ পানী গ্ৰহন পৰামৰ্শ দিয়ে। মুখ্য অতিথি ৰুপে অনুষ্ঠানত উপস্থিত ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ লুকুমণি দত্তই ভাষণ দাঙি ধৰি সামাজিক আৰু মানসিক স্বাস্থ্য,ধ্যান,প্ৰশংসা আৰু কৃতজ্ঞতা,দয়া,আধ্যাত্মিকতাৰ পৰা ভিটামিন,প্ৰটিন, নিউট্ৰিচনলৈকে বিভিন্ন ওপৰত গুৰুত্বপূৰ্ণ আলোচনা দাঙি ধৰে।

বিভিন্ন মাৰাত্মক ৰোগৰ পৰা শৰীৰটোক নিলগাই ৰাখিবলৈ হ'লে ৰাইজ সচেতনতা অৱলম্বন কৰিব লাগিব। সমাজত সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত ছাত্ৰ সমাজে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি কয়।

মানৱ দেহত মস্তিষ্কত থকা কোটি কোটি কোষৰ আধা সংখ্যকো ব্যৱহাৰ নহয়। গতিকে শিক্ষাৰ্থী সকলৰ বাবে নোৱাৰো বুলি কবলৈ একোৱেই নাই। মাথো লাগে আগ্ৰহ আৰু অনুশীলন। মানূহ সামাজিক হব লাগিব। নিজে জনাটো আনক দহজনৰ সৈতে বিনিময় কৰিব লাগিব।

কেবল কিতাপৰ পৃষ্ঠাৰে সমাজ সংস্কাৰ অসম্ভৱ। পৃষ্ঠাত লিপিৱদ্ধ কথাবোৰ বাস্তৱায়িত কৰিব লাগিব বুলি মন্তব্য কৰি বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় দিহা পৰামৰ্শ প্ৰদান কৰে। শিক্ষাৰ্থী সকলে বিভিন্ন ৰোগৰ কাৰক আৰু প্ৰতিকাৰৰ উপায়ৰ ওপৰত মত বিনিময়ো কৰে। অনুষ্ঠানত উপস্থিত

স্বাস্থ্য কৰ্মীৰ এটা দলে ডায়েট পৰিয়ালৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰে। এটি সুমধূৰ গায়ত্ৰী মন্ত্ৰৰে আৰম্ভ হোৱা কৰ্মশালাত প্ৰশিক্ষাৰ্থী সকলে গীত ভাত পৰিৱেশন কৰি অনুষ্ঠান মনোগ্ৰাহী কৰি তোলে। প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰি বৰাই কৰ্মশালাৰ সফল কৰি তোলাৰ বাবে সমল ব্যক্তিৰ লগতে ডায়েট পৰিয়ালৰ সকলোকে কৃতজ্ঞতা জনায়।

একেদৰে প্ৰতিষ্ঠানৰ ছাত্ৰ উন্নয়ন ফৰামৰ সম্পাদক চক্ৰৱৰ্তী বৰগোহাঁই আৰু প্ৰশিক্ষাৰ্থী প্ৰভাত বৰুৱাই কৰ্মশালাত উপস্থিত সকলোকে শলাগৰ শৰাই যাচে। অনুষ্ঠানত প্ৰতিষ্ঠান টোৰ সকলো শিক্ষক কৰ্মচাৰীৰ লগতে সমূহ প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। কৰ্মশালাত অংশগ্ৰহণ কৰাসকলক আয়োজকে একোখনকৈ মানপত্ৰও প্ৰদান কৰে।

ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 'হেল্থ হাইজিন আৰু নিউট্ৰিচন' শীৰ্ষক আলোচনা চক্ৰ
নগাঁৱত দৌল যাত্ৰা উপলক্ষে ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in