/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/32bdcc5f-b626-4024-a984-89cd29cca103/313.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : মহানগৰীৰ পশ্চিম প্ৰান্তৰ বঙৰাৰ সমীপৱৰ্তী শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক মহাপ্ৰভু শ্ৰীকৃষ্ণৰ সুঁৱৰি উৎসৱৰ ৭৫ বৰ্ষ পদাৰ্পণ কৰাত এইবেলি মহাৰজত জয়ন্তী অহা ৩, ৪, ৫ আৰু ৬ ব'হাগ ( ১৬, ১৭, ১৮ আৰু ১৯ এপ্ৰিল, ২০২৪) চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। সেই হেতুকে বৃহস্পতিবাৰে মাংগলিক ধ্বনি, আই-মাতৃৰ উৰুলি, শংখ, ঘন্টা, ডবা, কাঁহ আদি বাদ্য ধ্বনিৰ মাজত লাইখুঁটা স্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/14b82ebd-17c7-47fc-b6a5-60e57f54a53b/178828dd_04b2_405a_bf0b_36f07643f36f.jpg)
মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক গৌৰীকান্ত নাথৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সত্ৰ মহাসভাৰ উপ-সভাপতি অখিল মহন্ত অধিকাৰী। অধিকাৰীয়ে কয়- ধৰ্মীয় এই অনুষ্ঠানটোৱে ঐতিহ্য আৰু পৰম্পৰা বজাই ৰাখিছে। অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মাই অংশ লৈ কয়- শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ ইতিহাস সৰ্ব বিদ্যমান। এই সত্ৰই মানুহৰ হৃদয়ে হৃদয়ে বিৰাজমান হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0a5b30ae-50c9-4e1e-a8ae-cc8c129ced63/84de0f83_a351_408d_83b3_4920b5e3f3d0.jpg)
মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ সম্পাদক দুৰ্গেশ্বৰ নাথে আঁত ধৰা অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সদস্য কুশল কৈৱৰ্ত, শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ সত্ৰাধিকাৰ থানেশ্বৰ নাথ, প্ৰদীপ চন্দ্ৰ নাথ,সত্ৰৰ ভকত প্ৰাণেশ্বৰ নাথ, শ্যামবালা নাথ প্ৰভৃতি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয় । ইয়াৰ পিছত শ্ৰীমদ্ভাগৱত পাঠ, নাম-প্ৰসংগ কৰা হয় । অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে 'মেধি' ললিত নাথে ।
Also Read: ঋণ দিয়াৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ টকা লুণ্ঠন