ঋণ দিয়াৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ টকা লুণ্ঠন

দৰিদ্ৰ জনসাধাৰণক গৃহ নিৰ্মাণ, ঋণ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক
ঋণ দিয়াৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ টকা লুণ্ঠন

ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানীত এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ অতপালি। গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক গৃহ নিৰ্মাণ, ঋণ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক।

জানিব পৰা মতে, মেৰাপানীৰ চলংপথাৰত লাকী বন্ধন নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় খুলি গুৱাহাটী ছয়গাঁৱৰ চিৰাজ উদ্দিন আলী নামৰ এটা প্ৰৱঞ্চকে গাঁৱৰ সৰ্বসাধাৰণ লোকৰ পৰা লোণ দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি আহিছিল। ঘটনাৰ সন্দৰ্ভত লাকী বন্ধনৰ মুখ্য পৰিচালক চিৰাজ উদ্দিন আলীক গ্ৰেপ্তাৰ মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে চাইফুল ইচলাম নামৰ লক্ষীমপুৰৰ আন এজন প্ৰৱঞ্চকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, উক্ত লাকী বন্ধন বেংকটোৰ মুখ্য পৰিচালন সঞ্চালক হিচাপে থকা চিয়াজ উদ্দিন আলীৰ বিৰুদ্ধে তামুলপুৰতো এনেধৰণৰ বেংকৰ শাখা খুলি গ্ৰাহকৰ পৰা ধন লুটি পলাই অহাৰ অভিযোগ উঠিছে। উক্ত গোচৰৰ ভিত্তিতেই গোলাঘাট আৰক্ষীয়ে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।

ইতিমধ্যেই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে সাধাৰণ লোকৰ পৰা ফিক্স ডিপ'জিট, ৰেকাৰিং ডিপ'জিট, ছেভিংছ আদিৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ পাছতেই নিজৰ জমা ধন বিছাৰি মেৰাপানী আৰক্ষী থানাত ভিৰ কৰিছেহি ভুক্তভোগী গ্ৰাহকসকলে। ঘটনাৰ সন্দৰ্ভত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষকে মেৰাপানী আৰক্ষী থানাত ধৃত ব্যক্তি দুজনক জেৰা অব্যাহত ৰাখিছে।

ঋণ দিয়াৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ টকা লুণ্ঠন
'ষ্টৰীটেল'ৰ ষ্টৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in