এলানি দাবীৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সংবাদমেল...

এলানি দাবীৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সংবাদমেল...

ডিজিটেল ডেস্ক : সোমবাৰে মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ এক সংবাদমেল অনুষ্ঠিত হয়। বহু কেইটা দাবী উত্থাপনেৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই এই সংবাদমেলৰ আয়োজন কৰে। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা সংবাদমেলত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অৰ্থাৎ বড়ো, দেউৰী, ডিমাচা, গাৰো, কাৰ্বি, মিচিং, ৰভা, তিৱা সাহিত্য সভাৰ ঐক্যবদ্ধ সংস্থাটোয়ে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক বিগত সময়ত উত্থাপন কৰি অহা দাবীবোৰ এই পৰ্যন্ত সমাধান নোহোৱাত তীব্ৰ সমালোচনা কৰে।

সংস্থাটোৱে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্তত শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰা কাৰ্যসূচীক পোনতেই আদৰণি জনাই কয় য়ে, "চৰকাৰে দশম শ্ৰেণী লৈকে বড়ো ভাষাক মাতৃ ভাষা মাধ্য়ম হিচাপে শিক্ষা প্ৰদান কৰাৰ সমান্তৰাল ভাবে চাওঁতালি ভাষাক ৫ম শ্ৰেণী আৰু মিচিং, ৰাভা, তিৱা ভাষাকো ৫ম শ্ৰেণী লৈকে মাতৃ ভাষা হিচাপে স্বীকৃতি দি পাঠদান কৰাৰ ঘোষণাক আদৰিছো; কিন্তু সমান্তৰালভাবে কাৰ্বি, দেউৰী, ডিমাচা ভাষাক এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াত এই ভাষাসমূহকো উক্ত মৰ্যদা দিবলৈ দাবী জনাইছো।"

সংস্থাটোয়ে চৰকাৰে ৰাজ্যৰ ২১৩৯ খন প্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰা সিদ্ধান্তক সমালেচনা কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত চৰকাৰে বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী মাধ্যমৰ পুথি ছপা কৰা সিদ্ধান্ত উঠাই ল'বলৈ দাবী জনায়। তদুপৰি সংবাদমেলত মিচিং, ৰাভা, তিৱা আৰু দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ষষ্ঠ অনুসূচীৰ সমস্যা সমাধান কৰিবলৈও দাবী জনায়। লগতে মাতৃভাষা মাধ্যমত পুথি ছপা কৰিবলৈও দাবী জনায়।

তদুপৰি সংস্থাটোৱে ৰাজ্যৰ কেইবাটাও অঞ্চলত উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক সংস্থাপন দিবলৈও সংবাদমেল যোগে চৰকাৰক দাবী জনায়। সমান্তৰালভাবে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ১০,০০০ কোটি টকা বাৰ্ষিক আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সংবাদমেলযোগে দাবী জনায়। ইয়াৰ উপৰিও খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰা, চৰকাৰী নীতি অনুসৰি খিলঞ্জীয়াক ভূমি আৱণ্টন দিয়া আদি এলানি দাবী জনাই সংবাদমেল যোগে।

এলানি দাবীৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সংবাদমেল...
লুইতৰ বুকুত পুনৰ অঘটন: সন্ধানহীন নিমাতীৰ পৰা কমলাবাৰী অভিমুখী ফেৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in