নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল গেছ পৰিবাহী টেংকাৰ: তিনি ঘণ্টা ধৰি আবদ্ধ শ-শ যাত্ৰী...

সোণাপুৰৰ পাটৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হয় এখন গেছ পৰিবাহী টেংকাৰ

author-image
Asomiya Pratidin
New Update
নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল গেছ পৰিবাহী টেংকাৰ: তিনি ঘণ্টা ধৰি আবদ্ধ শ-শ যাত্ৰী...

ডিজিটেল ডেস্ক : সোণাপুৰৰ পাটৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হয় এখন গেছ পৰিবাহী টেংকাৰ। এ এছ ০১ এফ চি ৫৪৫৩ নম্বৰৰ গেছ পৰিবাহী টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

Advertisment

দুৰ্ঘটনাৰ ফলত পথত বাগৰি পৰা টেংকাৰখনৰ পৰা অহৰহ গেছ নিৰ্গমণ হয়। ইণ্ডিয়ান অইলৰ কাৰিকৰী দলৰ চেষ্টাত প্রায় ৩ ঘণ্টাৰ মূৰত বন্ধ কৰিবলৈ সক্ষম হয় গেছ নিৰ্গমণ। পিছে ঘটনাৰ বাবে উক্ত ৩ ঘণ্টা ধৰি পথতেই আৱদ্ধ হৈ পৰে শ-শ যান-বাহন।

সোণাপুৰৰ পাটৰকুছিৰ ২৭ নং ৰাষ্ট্ৰীয় (পূৰ্বৰ ৩৭ নং) সংঘটিত হয় এই দুৰ্ঘটনা। উল্লেখ্য ঘটনাত চালকসহ তিনিজন লোক আহত হয়। এক ভয়াৱহ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে সোণাপুৰৰ এটা বৃহৎ অঞ্চল।

Also Read: অৱশেষত জোনমণি ৰাভাৰ দুৰ্ঘটনা স্থলীত ফৰেনচিক বিশেষজ্ঞৰ দল...

indian oil