অৱশেষত জোনমণি ৰাভাৰ দুৰ্ঘটনা স্থলীত ফৰেনচিক বিশেষজ্ঞৰ দল...

অৱশেষত জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ থলীত আৰু জখলাবন্ধা আৰক্ষী থানাত বুধবাৰে বিয়লি উপস্থিত হ'ল ফৰেনচিক বিশেষজ্ঞৰ।

author-image
Asomiya Pratidin
New Update
অৱশেষত জোনমণি ৰাভাৰ দুৰ্ঘটনা স্থলীত ফৰেনচিক বিশেষজ্ঞৰ দল...

ডিজিটেল সংবাদ, কলিয়াবৰঃ অৱশেষত জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ থলীত আৰু জখলাবন্ধা আৰক্ষী থানাত বুধবাৰে বিয়লি উপস্থিত হ'ল ফৰেনচিক বিশেষজ্ঞৰ। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বিশেষজ্ঞ দলটিয়ে পৰীক্ষা কৰে ঘটনাত পতিত হোৱা গাড়ী তথা পৰিদৰ্শন কৰে ঘটনাস্থলীৰ কিছু সামগ্ৰী।

Advertisment

লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ পৰা সংগ্ৰহ কৰে নমুনা। আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়াৰ পাছতেই বিধবাৰে পুনৰ চি আই ডি তদন্তকাৰী বিষয়া ধ্ৰুৱ বৰাৰ নেতৃত্বত ফৰেনচিকৰ দলটো কলিয়াবৰত উপস্থিত হয়।

উল্লেখ্য যে, বিগত ১৬ মে' তাৰিখে কলিয়াবৰৰ জখলাবন্ধাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিছিল নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাই ৷

Also Read: জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

Assam police