গুৱাহাটীত পুনৰ আয়কৰ বিভাগৰ অভিযান

গুৱাহাটীত পুনৰ আয়কৰ বিভাগৰ অভিযান

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত পুনৰ আয়কৰ বিভাগৰ অভিযান

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ আয়কৰ বিভাগৰ অভিযান। এইবাৰ ক'লা ব্যৱসায়ীৰ বিৰুদ্ধে আঠগাঁও-ফাঁচীবজাৰত চলিছে এই অভিযান। KMC প্ৰাইভেট লিমিটেডত চলোৱা হৈছে এই অভিযান। KMC প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে GSTৰ ফাঁকি দিয়াৰ অভিযোগ।

Advertisment

উল্লেখ্য যে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে চেনিৰ ব্যৱসায় কৰে KMC প্ৰাইভেট লিমিটেডে। জানিব পৰা মতে, বছৰ বছৰ ধৰি GSTৰ ফাঁকি দিয়াৰ অভিযোগ আছে প্ৰতিষ্ঠানটোৰ স্বত্বাদিকাৰী দুই ভাতৃৰ বিৰুদ্ধে। ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ভাতৃদ্বয় কৈলাশ চৌধূৰী আৰু ৰাজকুমাৰ চৌধূৰীৰ বিৰুদ্ধে থকা এই অভিযোগৰ ভিত্তিত শনিবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানটোত অভিযান চলাই আয়কৰ বিভাগে।

Also Read: হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...

income tax department