হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...

হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...

ডিজিটেল সংবাদ, তিতাবৰঃ নতুন শিক্ষানীতিক লৈ ব্যাপক প্ৰচাৰ চলোৱা বিজেপি চৰকাৰে খৰ্ব কৰিছে শিশুৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ। কেৱল চমক সৃষ্টিৰ নামত বক্তৃতা আৰু বিজ্ঞাপনতে আৱদ্ধ থকা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ শিক্ষাবিভাগটো এতিয়া ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে।

শৈক্ষিক নগৰীৰূপে পৰিচিত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অসম-নগালেণ্ডৰ সীমান্তত অৱস্থিত স্বৰ্ণপুৰ বাগান প্ৰাথমিক বিদ্যালয়খনত এতিয়া শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কৰিব পৰাকৈ আজিও নাই কোনো আন্তঃগাঁথনি। ১৯৮৫ চনতে প্ৰতিষ্ঠা হোৱা তিতাবৰ শিক্ষাখণ্ডৰ অধীনস্থ বিদ্যালয়খনে আজিও নাপালে কোনো চৰকাৰী ৰাজসাহাৰ্য।

জৰাজীৰ্ণ বাঁহৰ বেৰেৰে পাঠদান চলাই থকা বিদ্যালয়খনত বৰষুণ দিলেই বন্ধ হৈ পৰে পাঠদান। বিদ্যালয়খনত নাই কোনো স্বাস্থ্যসন্মত ৰান্ধনীঘৰৰ ব্যৱস্থা। উন্মুক্ত বিদ্যালয় চৌহদত কণ -কণ শিশুসকলে পুৱাই বিদ্যালয়লৈ আহি গৰু-ছাগলীৰ মলত্যাগ চাফা কৰিবলগীয়া হয়। মধ্যাহ্ন ভোজনৰ সামগ্ৰী থ'বলৈ কোনো নিৰাপদ আৰু সুবিধাজনক ঠাই নোহোৱাত বিদ্যালয়খনৰ শৌচালয়ৰ ভিতৰতে মজুত কৰি ৰখা হয় সামগ্ৰীসমূহ।

চৰম দুৰৱস্থাৰে চলি থকা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ স্কুল আহিব পৰাকৈ বিদ্যালয়খন নিৰ্মাণ কৰি অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...
হাংজৌত সৃষ্টি নতুন অভিলেখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in