/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d6a4b5ea-7b10-497f-9e23-8cf96e0b8e54/381.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : অসম চৰকাৰৰ আৰ্থিক অনুদানেৰে চুণচালী প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠাৰ উদ্ঘাটন কৰে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপহাৰ সঞ্চালক তথা কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে। বিদ্যালয়লৈ কম্পিউটাৰ, টেবুল,চকী,স্টিল আলমাৰি আগবঢ়াই ভাৰতীয় ষ্টেট বেংকৰ নিউ গুৱাহাটী শাখাৰ সহকাৰী মহাপ্ৰৱন্ধক সঞ্জীৱ কুমাৰ দেৱ আৰু নুনমাটি শাখাৰ প্ৰৱন্ধক সন্দীপ শ্ৰীবাস্তৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cf2f07bc-944a-4345-835f-a791ca4f65dc/27f6f2cd_3e22_4af9_9073_87ec3eaffa8b.jpg)
সঞ্জীৱ কুমাৰ দেৱে ব্যাক্তিগতভাৱে ছাত্ৰ-ছাত্ৰীৰ জোতা আৰু দীপক শৰ্মাই মোজা আগবঢ়ায়। সভাত উপস্থিত থকা অনান্য ব্যক্তিসকল হ'ল নৰেশ চন্দ্ৰ চোমনী,বন্দনা চোমনী,জিলা প্ৰগেম বিষয়া তাপসী শৰ্মা,স্থানীয় পাৰিষদ মনোজ কুমাৰ নাথ,সমাজ কৰ্মী মুকুট সিংহ চুতীয়া, প্ৰাক্তন প্ৰধান শিক্ষক মহেন্দ্ৰ মোহন মেধি, বিষ্ণু দত্ত, দিগন্ত মেধি, ইত্যাদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0d390e24-8fde-48fa-89be-bdd12a45ed19/e31a5150_ba39_4eb9_9709_5361ea3134d5.jpg)
সভাৰ আৰম্ভণিতে প্ৰিয়াক্ষি মেচে এটি বৰগীত পৰিৱেশন কৰে। বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে হেমন্ত ভাগৱতীয়ে ৰচন আৰু সুৰ কৰা চুনচালী প্ৰাথমিক বিদ্যালয়ৰ শীৰ্ষ গীত পৰিবেশন কৰে। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে এটি জ্যোতি সংগীত পৰিবেশন কৰে। ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে প্ৰিয়াক্ষি মেচে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আন্তঃ গাঁঠনি উন্নয়নৰ বাবে আগবঢ়োৱা অনুদানৰ সন্মানীয় দাতাসকলক চৰকাৰ আৰু বিদ্যালয় কৰ্তৃপক্ষ চহী সম্বলিত একোখনকৈ কৃতজ্ঞতা পত্র সঞ্চালকৰ হাতেৰে প্ৰদান কৰা হয়। বিদ্যালয়ৰ সামগ্ৰীক পৰিবেশক সঞ্চালকে এনে কাৰ্যৰ বাবে আটাইকে ভূয়সী প্ৰশংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5860bf68-238b-40bc-b2b4-1498f687fe57/54cd2e54_baa8_4300_93a6_2724f77eb4e2.jpg)
আনহাতে বিদ্যালয়ৰ ফালৰ পৰা শিক্ষা মন্ত্ৰী লৈ বিদ্যালয়ৰ বিভিন্ন সমস্যা সম্বলিত এখন স্মাৰক পত্র সঞ্চালকৰ যোগেদি প্ৰেৰণ কৰা হয়। স্মাৰক পত্র প্ৰদান কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত ভাগৱতী আৰু প্ৰধান শিক্ষক অমূল্য কুমাৰ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b348ed3a-aca4-447a-bdbb-4fb5991be9ea/31faf61a_1b60_497c_8531_09d176fdf9b2.jpg)
সভাত উপস্থিত সকলো বিশিষ্ট ব্যক্তিয়েই বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰচেষ্টাক শলাগ লয়। আজিৰ সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত ভাগৱতীয়ে। সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে সন্মানীয় দাতাসকলক বিদ্যালয়ৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
Also Read: বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ "ছয় কোটি টকাৰ ৰঙালাওৰ জয়ঢোল" আৰু ৰবি শস্যৰ প্ৰকৃত ছবিখন...