/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/7288379b-311f-4746-9d03-ba8ea7b95a9d/379.jpg)
ডিজিটেল সংবাদ,বোকাখাত : বোকাখাত বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ ধনশিৰি আৰু গেলাবিল নদীৰ উৰ্বৰ চাপৰি তথা অঞ্চলসমূহত কেইবা দশক পূৰ্বৰে পৰা স্থানীয় কৃষকসকলে ব্যাপক হাৰত কৰি আহিছে সৰিয়হ, ৰঙালাউ, কবি, বেঙেনাকে আদি কৰি ৰবি শস্যৰ খেতি। তিনিওখন নদীৰ প্ৰলয়ংকাৰী বানপানী আৰু খহনীয়াৰ বাবে শালি খেতিৰ ওপৰত ইয়াৰ স্থানীয় কৃষকে বিশেষভাৱে আশা কৰিব নোৱাৰে বাবেই এই অঞ্চলসমূহত ব্যাপক হাৰত কৰা হয় ৰবি শস্যৰ খেতি।
"বানপানী খহনীয়াৰ বাবে আমি শালী খেতিত ইমান আশা কৰিব নোৱাৰো। ইফালে বানপানীত বা খহনীয়াত খেতিৰ লোকচান হয় যদিও চৰকাৰৰ ফালৰ পৰা আমি কোনোদিনেই ক্ষতিপূৰণৰ লাভ কৰা নাই, পানীত গ'লে গ'লেই আৰু। সেয়ে আমি পাচলি খেতিত বেছি গুৰুত্ব দিওঁ।"- কুৰুৱাবাহী চিনাকান গাঁৱৰ এজন কৃষকৰ মন্তব্য এয়া।
উল্লেখ্য যে,ইয়াৰ স্থানীয় কৃষকসকলৰ স্বাস্থ্য, সন্তানৰ শিক্ষা, ব্যৱসায়-বাণিজ্য, বিবাহ আদিৰ বাবে নব্বৈৰ শতাংশই তেওঁলোক নিৰ্ভৰশীল উৎপাদিত ৰবি শস্যৰ ওপৰত। কিন্তু এই উৰ্বৰ ৰবি শস্য পথাৰসমূহক এক আদৰ্শ কৃষিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি ইয়াৰ কৃষকসকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াক বিজ্ঞানসন্মত কৰি তুলিবলৈ ৰাজ্যখনৰ বিয়াগোম কৃষি বিভাগটো কিমান আগ্ৰহী, লুপ্তপ্ৰায় থলুৱা বীজসমূহ সংৰক্ষণ কৰি জৈৱিক কৃষি প্ৰণালীৰে কৃষিভূমি উজ্জীৱিত কৰি তুলিবলৈ কিমান তৎপৰ ? এই প্ৰশ্নৰ সম্ভাব্য উত্তৰে স্বাভাবিকতেই হতাশ কৰিব সচেতন লোকক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/81f5f9a6-9d09-41df-a423-70323a37816f/1452ad0a_15eb_484c_bbc5_9fcd18b0a0d0.jpg)
কিয়নো দুটাকৈ কাৰ্যকাল বোকাখাত বিধানসভা সমষ্টিৰ গাদী দখল কৰি ৰাজ্যখনৰ কৃষি মন্ত্ৰীৰ পদবী দখল কৰিবলৈ সক্ষম হোৱা অতুল বৰাই সমষ্টিটোৰ এই উৰ্বৰ ভূমিৰ ৰবি শস্যৰ ক্ষেত্ৰত বিশেষ কোনো বিজ্ঞানসন্মত আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত নহ'ল। যাৰ বাবে অধিকাংশ কৃষকেই বৰ্তমানেও পৰম্পৰাগত কৃষি প্ৰণালীৰেই কৃষি কাৰ্য কৰি অহাৰ লগতে কৃষি বিভাগৰ পৰা লাভ কৰা নাই বিশেষ কোনো সা-সুবিধা।
ইয়াৰ বিপৰীতে এনে সা-সুবিধাসমূহ লাভ কৰি আহিছে একাংশ ছদ্মবেশী কৃষক তথা কৃষি মন্ত্ৰীগৰাকীৰ দলীয় নেতা পালিনেতাৰ পৰিয়ালে। এই সন্দৰ্ভত ধনশিৰি চাপৰিৰ এজন কৃষকে ক্ষোভেৰে কয়- "সমষ্টিটোৰ খেতি পথাৰসমূহক আদৰ্শ কৃষিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমাৰ কৃষি মন্ত্ৰী গৰাকীৰ আগ্ৰহ আমি তেওঁৰ দুটাকৈ কাৰ্যকালত দেখা নাপালো।
ৰাসায়নিক সাৰে পথাৰবোৰ ধ্বংস কৰিছে, জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি কৃষকক উৎসাহিত কৰাৰ কোনো ব্যৱস্থা নাই। থলুৱা শস্যৰ গুটিবোৰ প্ৰায় শেষ। সেইবোৰৰ পুনৰ উদ্ধাৰ কৰি সংৰক্ষণৰ কোনো ব্যৱস্থা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d8b6fe42-2342-47ee-8834-3cd1b996d154/f821a980_848f_41e3_8a33_f5b713de85af.jpg)
চৰকাৰী সুবিধা কোনোবাই কোনোবাই পাইছে, ভাল কথা। কিন্তু ভালকৈ অনুসন্ধান কৰিলে ওলাই পৰিব, হয় তাৰ বেছিভাগেই ছদ্মবেশী, নহয় মন্ত্ৰীক ভোট গোটাই দিয়া নেতা-পালি নেতাৰ পৰিয়ালৰ মানুহ।"
অতি শেহতীয়াকৈ বোকাখাত বিধানসভা সমষ্টিৰ চহলা-চগুৰিৰ পৰা ৩ হাজাৰ বিঘা কৃষিভূমিত কৰা ৬কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব বুলি অত্যন্ত উৎসাহেৰে কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰিছিল। লগতে কৈছিল এইসকল কৃষকে কৃষি বিভাগৰ পৰা যোগান ধৰা উন্নত প্ৰজাতিৰ বীজ Arjuna f1 আৰু Sw 137 ৰ ৰঙালাওৰ খেতি কৰিছিল।
কিন্তু একাংশই প্ৰশ্ন কৰে যে, এই ৬কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাটোয়েই বোকাখাত সমষ্টিটোৰ কৃষকসকলৰ বা ৰবি শস্য ক্ষেত্ৰখনৰ সৰ্বাংগীণ উন্নতিক সূচাইনে? কৃষি মন্ত্ৰী অতুল বৰাৰ লগত ৰাজনৈতিকভাৱে ঘনিষ্ঠ আৰু এই ৰাজনৈতিক ঘনিষ্ঠতাৰ বাবেই কৃষি বিভাগৰ বিভিন্ন সা-সুবিধাৰে পুষ্ট 'বৃহংগম কৃষি উৎপাদক গোটে' বোকাখাত বিধানসভা সমষ্টিৰ বৃহত্তৰ কুৰুৱাবাহী, বংকোৱাল, ধনশিৰি চাপৰি, নিকৰি, ধনশিৰিমুখ, অগৰাতলি, জাপৰি পথাৰ, ডিফলু পথাৰ, মহুৰা, এলেংমাৰী, বৰাইখোৱা,ৰঙাগৰা, গেলাবিল চাপৰি, অফলা আদিৰ লাখ লাখ কৃষকক প্ৰতিনিধিত্ব কৰেনে ? যিসকল কৃষকে প্ৰতিবছৰেই ৰবি শস্যৰ বতৰত চৰকাৰী সা-সুবিধাৰ অবিহনেই কৃষি কাৰ্য সম্পাদন কৰি আহিছে বুলি মন্তব্য় কৰে।
কিয়নো যিসকলে প্ৰতি বছৰেই গাঁঠিৰ ধন ভাঙি বীজ, সাৰ, কীটনাশক আদি দ্ৰব্য ক্ৰয় কৰিবলগীয়া হৈছে। ঘণ্টাৰ পাছত ঘণ্টা বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ সন্মুখত অপেক্ষা কৰি এক কেজি ৰবি শস্যৰ বীজ পাবৰ বাবে হাহাকাৰ কৰিব লাগে ।
উল্লেখযোগ্য যে,"বৃহংগম কৃষি উৎপাদক গোট"ৰ কৃষকে কৰা বৃহৎ পৰিমাণৰ ৰঙালাও উৎপাদনৰ দৰেই বোকাখাত বিধানসভা সমষ্টিৰ বহু অঞ্চলত সমান্তৰালকৈ যঠেষ্ট পৰিমানৰ ৰঙালাও চলিত বৰ্ষত কৃষকে নিজা খৰচত উৎপাদন কৰিছে । য'ত কৃষি মন্ত্ৰী অতুল বৰাৰ কিঞ্চিৎমানো অৱদান নথকাৰ কথা আৰু দুৰ্ভাগ্যজনকভাৱে কেৱল মধ্যভোগীৰ বাবেই এইসকল কৃষকে উৎপাদিত ৰঙালাওৰ প্ৰকৃত মূল্য নোপোৱাৰ কথাও ব্যক্ত কৰিছে খোদ ভুক্তভোগী কৃষকে নিজেই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5cb787f8-7a74-4c0e-8deb-f1599e40f7f9/bbd3f079_77ce_4fd9_95d1_b03de80437ea.jpg)
"আমিও Arjuna গুটিৰ ৰঙালাউৰ খেতি কৰিছো আৰু এইবাৰ খেতিও ভাল হৈছে। কিন্তু আমি চৰকাৰী গুটি পোৱা নাই। আমি Arjuna f1ৰ গুটি বজাৰৰ পৰা ১০ গ্ৰামত ২০৫ টকাকৈ কিনিছো। হালবোৱা, ভিটামিন দিয়া, সাৰ সকলো নিজৰ পকেটৰ। আৰু এতিয়া ৰঙালাও বেছি আছো ৭-৮ টকাকৈ প্ৰতি কিলোগ্ৰামত।
ইয়াত চৰকাৰৰ কোনো অৱদান নাই। খৰচলৈ চালে বেপাৰীয়েহে ভাল দাম পায়। চৰকাৰে সকলোকে সমানে সহায় কৰা হ'লে আমিও লাভ খাবলৈ পালোহেতেন" - আন এজন কৃষকৰ মন্তব্য আছিল এনেধৰণৰ। গতিকে কৃষিমন্ত্ৰীগৰাকীৰ ভোটবেংক সুৰক্ষিত ৰখাৰ স্বাৰ্থত একাংশ অৱস্থাপন্ন কৃষকক (আৰু ছদ্মৱেশীও) কৃষি বিভাগৰ বিভিন্ন সা-সুবিধাৰে পুষ্ট কৰি আন একাংশ প্ৰকৃত আৰু দৰিদ্ৰ কৃষকক বঞ্চিত কৰি ৰবি শস্যৰ ক্ষেত্ৰখনত বোকাখাত বিধানসভা সমষ্টিয়ে বৃহৎ সফলতা লাভ কৰিছে বুলি ঢাক-ঢোল বজোৱাতো নিশ্চয়কৈয়ে এক বিৰাট কৌতুক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f7bbba6c-44e8-410b-97d5-a824c00c20f8/3c343334_4b89_4e4e_88ef_e4fb2a58d738.jpg)
ইফালে কৃষি মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টি বোকাখাতৰ কৃষিখণ্ডৰ তথাকথিত সফলতাৰ জয়গান গোৱাৰ বিপৰীতে তেওঁৰ দুটাকৈ কাৰ্যকালত সংঘটিত হোৱা বানপানীত যি সকল নৈ পৰীয়া কৃষক আজিও ক্ষতিগ্ৰস্ত হৈয়েই থাকিল তেওঁলোকক কিন্তু বৰ্তমানলৈকে উচিত ক্ষতিপূৰণেই প্ৰদান নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে । আনকি ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত প্ৰবল শিলাবৃষ্টিৰ বাবে সমষ্টিটোৰ কৃষকৰ যি বৃহৎ পৰিমাণৰ ৰঙালাও আৰু সৰিয়হ খেতিৰ লোকচান হৈছিল তাৰ ক্ষতিপূৰণৰ নামত "দহ বাই দহ" একোখন টিৰ্পাল দিয়েই প্ৰকৃত কৃষকক লজ্জানত কৰিছিল মন্ত্ৰী অতুল বৰাই।
Also Read: মায়ং আঞ্চলিক মহাবিদ্যালয়ত কৃষি তথ্য কেন্দ্ৰ মুকলি