আজি ৩১ ডিচেম্বৰ : দুৰ্ঘটনাশূন্যৰ লক্ষ্যৰে গুৱাহাটীত চলিব আৰক্ষীৰ অভিযান

সুৰামত্ত অৱস্থাত বাহন চলোৱা প্ৰমাণ হ'লে গাড়ীচলনাৰ অনুজ্ঞাপত্ৰৰ লগতে বাহনৰ পঞ্জীয়ন পত্ৰপৰ্যন্ত নিলম্বন কৰা হ'ব

author-image
Asomiya Pratidin
New Update
আজি ৩১ ডিচেম্বৰ : দুৰ্ঘটনাশূন্যৰ লক্ষ্যৰে গুৱাহাটীত চলিব আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্ক : আজি ৩১ ডিচেম্বৰ। বছৰৰ অন্তিম দিন। নৱবৰ্ষক আদৰাৰ বাবে সাজু হৈ উঠিছে হোটেল, ৰেষ্টুৰেণ্ট, বাৰ ইত্যাদি। ব্যৱস্থা কৰিছে বিবিধ খাদ্য-সম্ভাৰৰ। ভাগে-ভাগে ব্যস্ত কৰ্মচাৰীসকল। মুঠতে নৱবৰ্ষক আদৰাৰ বাবে গুৱাহাটী মহানগৰৰ লগতে নগৰবাসী প্ৰায় সাজু হৈ উঠিছে।

Advertisment

এনেবোৰ আনন্দৰ মাজতে যাতে নতুনক আদৰাৰ নাম কাৰো জীৱনলৈ আমানিশা নামি নাহে তাৰবাবে আৰক্ষী-প্ৰশাসনে ল'ব বিশেষ ব্যৱস্থা। আজিৰ এই দিনটোত যাতে সুৰাপায়ী চালকৰ বাবে মহানগৰখনত দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে,সেই সন্দৰ্ভত কঠোৰ হ'ব মহানগৰ আৰক্ষী।

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ জানিবলৈ দিয়ামতে নৱবৰ্ষক আদৰাৰ নামত সুৰাপান, মাদক দ্ৰব্য সেৱন কৰি বাহন চলোৱাসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।

সুৰামত্ত অৱস্থাত বাহন চলোৱা প্ৰমাণ হ'লে গাড়ীচলনাৰ অনুজ্ঞাপত্ৰৰ লগতে বাহনৰ পঞ্জীয়ন পত্ৰপৰ্যন্ত নিলম্বন কৰা হ'ব। ইয়াৰোপৰি জৰিমনাও ভৰিব লাগিব। ইফালে বাৰ,ৰেষ্টুৰেণ্ট, ক্লাৱ আদিৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে নীতি-নিয়ম। প্ৰশাসনে বান্ধি দিয়া সময়ৰ ভিতৰতে বন্ধ কৰিব লাগিব এইসমূহ বাৰ,ৰেষ্টুৰেণ্ট, ক্লাৱ আদি। অন্যথা প্ৰশাসন তথা আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

আৰক্ষী আয়ুক্ত বৰাই লগতে উল্লেখ কৰে যে, দুৰ্ঘটনাশূন্যৰ লক্ষ্যৰে গুৱাহাটীত চলিব আৰক্ষীৰ অভিযান। সেয়ে সুৰাপান কৰি বাহন চলোৱাৰ পৰা সকলোকে বিৰত থাকিবলৈ অনুৰোধ জনায়। তেওঁ শান্তিৰে, সুখ-আনন্দৰ মাজেৰে নতুন বৰ্ষটো আদৰিবলৈ সকলোকে আহ্বান জনায়।

Also Read: ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ

31 December Diganta Bora guwahati police new year Assam police