ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ

পূৱনগৰ মেধিপাৰা ইয়ুথ ক্লাৱ চেম্পিয়ন
ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ,ওদালগুৰি : ওদালগুৰিত যোৱা ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত কৰা হৈছে ওদালগুৰি প্ৰীমিয়াৰ লীগ ২০২৩। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন শনিবাৰে সন্ধিয়া অনুষ্ঠিত হৈ যায়। এই মেতখনত হাজাৰ-হাজাৰ দৰ্শকৰ উপৰি উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

খেলখনত পূৱনগৰ মেধিপাৰা ইয়ুথ ক্লাৱে টংলা ক্ৰিকেট ক্লাৱক ৪উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনিৰ চেম্পিয়নয়নৰ খিতাপ দখল কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে টংলাই নিৰ্দ্ধাৰিত ২০ অভাৰত ৪উইকেটত ১৩৫ ৰাণ সংগ্ৰহ কৰে।

চূড়ান্ত খেলৰ বিজয়ী দলক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিজিত দলক ট্ৰফীসহ নগদ ২৫ হাজাৰ টকা প্ৰদান কৰে ইউপিপিএলৰ জিলা সভাপতি ৰবীন্দ্ৰ চন্দ্ৰ বসুমতাৰীয়ে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ইউনাইটেডৰ বিকাশ শৰ্মাই। প্ৰতিযোগিতাৰ সৰ্বাধিক ৰাণৰ অধিকাৰী ইউনাইটেডৰ মডুদ আলমক অৰেঞ্জ কেপসহ নগদ ধন, সৰ্বাধিক ইউকেটৰ গৰাকী বিকাশ শৰ্মাক পাৰ্পল কেপসহ নগদ ধন প্ৰদান কৰা হয়।

চূড়ান্ত খেলখন উদ্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অধ্যক্ষ দৈমাৰীৰ উপৰি প্ৰতিযোগিতাখনিৰ সভাপতি জৌশ্ৰাং বড়ো, বিশিষ্ট ব্যৱসায়ী মিনন মোছাহাৰী, আছু, অজাযুছাপ, লাচিত সেনাৰ নেতৃত্বৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ
বিলাসীপাৰাত গৰু ভৰ্তি বাহন জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in