/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/e3ecbf7c-6e86-4c13-b59b-d57393700707/4.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাৰে পৰা আধ্যাত্মিক পৰিৱেশৰ সূচনা হ'ল নিউ গুৱাহাটী গণেশ মন্দিৰৰ প্ৰাংগণত। সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে পুৱাৰে পৰা গণেশ মন্দিৰত আৰম্ভ হ'ল বাৰ্ষিক হোমযজ্ঞ । তিৰুপট্টি বালাজি মন্দিৰকে ধৰি দেশৰ বিভিন্ন স্থানৰ পণ্ডিতৰ অংশগ্ৰহণ কৰিছে এই যজ্ঞত ।
পুৱা ৮ বজাৰ পৰা প্ৰথম পূজ্য দেৱ গণেশ পূজাৰে আৰম্ভ হয় বাৰ্ষিক হোমযজ্ঞৰ কাৰ্যসূচী । বিশ্বশান্তি আৰু মন্দিৰ চৌহদৰ পবিত্ৰতা তথা অপশক্তি বিনাশকাৰী শক্তিবৃদ্ধিৰ উদ্দেশ্য প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে এই মহা হোমযজ্ঞ।
গণপতি পূজাৰ পাছতেই আৰম্ভ হয় বাৰ্ষিক হোমযজ্ঞ। সমস্ত দেৱ-দেৱতাৰ আৱাহনেৰে অনুষ্ঠিত হয় এই মহাহোমযজ্ঞ । দাক্ষিণাত্যৰ প্ৰখ্যাত তিৰুপট্টি বালাজি মন্দিৰৰ লগতে বিভিন্ন প্ৰান্তৰ সাধু পণ্ডিতে এই হোমযজ্ঞত অংশগ্ৰহণ কৰে । নিউ গুৱাহাটী গণেশ মন্দিৰৰ এই বাৰ্ষিক হোমযজ্ঞত লখৰাস্থিত বালাজি মন্দিৰৰ পৰিচালক মণ্ডলি আৰু পণ্ডিতৰ লগতে নিউ গুৱাহাটী অঞ্চল আৰু বিভিন্ন ঠাইৰ বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজে শান্তি সমৃদ্ধি জ্ঞান বৃ্দ্ধিৰ কামনাৰে হোমযজ্ঞত সেৱা আগবঢ়াই।
অভিশেষ,পূৰ্ণাহুতিৰে সম্পন্ন হোৱা এই হোমযজ্ঞত পণ্ডিত সকলৰ মন্ত্ৰোচাৰণে চৌপাশ মুখৰিত কৰি তোলে । বালাজি ট্ৰাষ্টৰ উপসভাপতি ড০ বালাশুভ্ৰমণিয়াম কে লেয়াৰৰ তত্বাৱধানত অনুষ্ঠিত হয় এই যজ্ঞ । কামাখ্যা দেৱীৰ অভিশেষেৰে যজ্ঞ সম্পন্ন হোৱাৰ পাছত দুপৰীয়া সকলোৰে মাজত ভোগ বিতৰণ কৰা হয় ।
Also Read: 'ষ্টৰীটেল'ৰ ষ্টৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us