'ষ্টৰীটেল'ৰ ষ্টৰী...

'ষ্টৰীটেল'ৰ ষ্টৰী...

ষ্টৰীটেলৰ কথা। এজন অধিবক্তা, কেইবাজনো লেখক-লেখিকা, এজন প্ৰতিষ্ঠিত প্ৰকাশক আৰু এগৰাকী প্ৰাক্তন ষ্টৰীটেলৰ কৰ্মচাৰী সৈতে পতা কথাবোৰৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। লিখকসকলৰ দৃষ্টিভংগীৰে এয়া তেওঁলোকৰ প্ৰাপ্য আৰু অধিকাৰ।

এখন উপন্যাস বা গল্প সংকলন প্ৰকাশ কৰা প্ৰকাশকজনৰ উদ্দেশ্য থাকে। লেখকজনৰ সৃষ্টিক পাঠকৰ মাজলৈ লৈ যোৱা আৰু তাৰ জৰিয়তে লাভজনক এক ব্যৱসায় কৰা। অসমৰ প্ৰকাশকসকলৰ বাবে কিতাপৰ ব্যৱসায় এতিয়া সহজ হৈ থকা নাই।

কঠিন পৰিস্থিতিৰ মাজেৰে প্ৰকাশকসকলে এই ব্যৱসায় আগবঢ়াই নিব লগা হৈছে। একেদৰে লিখকসকলৰ প্ৰাপ্য আৰু গ্ৰন্থ প্ৰকাশ তথা প্ৰচলনৰ সমগ্ৰ বিষয়টো স্বচ্ছতা ৰক্ষা কৰি চলাতো দুয়ো পক্ষৰ বাবে অতিকে গুৰুত্বপূৰ্ণ।

কৰবাত লিখকক আন্ধাৰত ৰাখি প্ৰকাশকে যদি তেওঁৰ সৃষ্টিক লৈ ব্যৱসায় কৰিছে সেয়া গৰিহনাৰ যোগ্য। তেনে এক অভিযোগেই প্ৰথম উত্থাপন কৰিছিল গীতালি বৰাই।তেওঁৰ মতে তেওঁৰ এখন উপন্যাস 'বুদ্ধজায়া' ষ্টৰীটেল নামৰ এপত উপলব্ধ কৰা হৈছে। যিটো কথা তেওঁ ইমান দিনেই গমেই পোৱা নাছিল।

অভিযোগৰ আঙুলি উঠা 'আঁক-বাক' নামৰ প্ৰকাশন গোষ্ঠীটোৰ স্বত্বাধিকাৰী সৌমিত্ৰ যোগীৰ মতে সেই সন্দৰ্ভত গীতালি বৰাক অৱগত কৰা হৈছিল। ২০২০ ৰ ২৯ নৱেম্বৰত তেওঁক এখন চিঠি দিয়া বুলি উল্লেখ কৰি সামাজিক মাধ্যমত সেই পত্ৰ আপলোড কৰিছে।

এখন চেকযোগে তেওঁক কিছু মাননী আগবঢ়োৱা কথাও প্ৰকাশকগৰাকীয়ে উল্লেখ কৰিছে এই পত্ৰত। কিন্তু সেই কথা গীতালি বৰাই অস্বীকাৰ কৰি তেনে কোনো পত্ৰ লাভ কৰা নাছিল বুলি কয়।

ষ্টৰীটেলৰ সৈতে এই চুক্তি অনুযায়ী লেখিকা বৰাক ধন দিয়া আৰু নিয়ম অনুসাৰেই সেই কাম কৰা বুলি প্ৰকাশক যোগীয়ে দাবী কৰিলেও এই প্ৰসংগত আন কেইবাগৰাকী লেখক-লেখিকাই প্ৰকাশকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাত বিষয়টো কেৱল দুয়োৰে মাজত আৱদ্ধ হৈ নাথাকিল।

আনকি লেখিকা গীতালি বৰাৰ মানসিক অৱস্থাক সহানুভূতিৰে বিবেচনা কৰিছো বুলি প্ৰকাশকগৰাকীয়ে লেখা কথাখিনিক লৈও আপত্তি কৰিলে বহুতে। ইতিমধ্যে সেই সন্দৰ্ভত আইনৰ কাষ চাপিছে গীতালি বৰা। আইনী প্ৰক্ৰিয়াৰে তেওঁ প্ৰকাশকজনক জবাবদিহী কৰিব লগা হোৱাতো গুৰুত্বপূৰ্ণ।

ষ্টৰীটেল এটা সাধাৰণ প্লেটফৰ্ম নহয়। বিশ্বজুৰি প্ৰায় ২৯ খন দেশত থকা এই এপ আৰু ৱেবচাইটত প্ৰায় ৪ লাখ মান গ্ৰন্থ ই-ফৰ্মত আছে। সাম্প্ৰতিক সময়ত মানুহৰ সুবিধাৰ্থে বিশ্বজুৰি যি অডিঅ' বুকৰ ব্যৱস্থা ইয়াত কৰা হৈছে সেয়া অসমীয়া সাহিত্যৰ বাবে এক সুখৰ খবৰ হ'ব লাগিছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি হোমেন বৰগোঁহাঞি, অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী,অপূৰ্ব শৰ্মাকে ধৰি ন-পুৰণি বহু লেখকৰ প্ৰায় ৪০০ মান গ্ৰন্থ আছে এই প্লেটফৰ্মত।

গ্ৰন্থসমূহ লিখকৰ সৈতে পোনপটীয়া যোগাযোগেৰে এই প্লেটফৰ্মৰ বাবে সংগ্ৰহ কৰা হৈছে। অসমীয়া কিতাপৰ বাবে ষ্টৰীটেলৰ হৈ সেই দায়িত্ব পালন কৰিছিল মৈত্ৰেয়ী পাটৰে।

গীতালি বৰাৰ মতে তেওঁৰ পৰা মৈত্ৰেয়ী পাটৰে 'ডৰিয়লি'ৰ চৰ্ত লৈছিল। লেখিকাৰ 'সত্য সূৰ্য' নামৰ কিতাপখনত আছিল দুখন উপন্যাস। সেই উপন্যাস দুখন দুখন পৃথক কিতাপ হিচাপে এই এপত আপলোড কৰাতো এয়া ব্যৱসায়ীক লাভালাভৰ বাবে নে আন কাৰণত কৰা হ'ল সেই প্ৰশ্নবোৰৰ উত্তৰ অৱশ্যে প্ৰকাশকে দিয়া নাই।

'বুদ্ধজায়া' নামৰ শ্ৰব্য ভাৰ্ছনটোত আঁক-বাকৰ কথা উল্লেখ নথকা সূত্ৰে এই উপন্যাসখনৰ সন্দৰ্ভত ষ্টৰীটেলৰ সৈতে চুক্তি কৰাৰ অধিকাৰ আছে জানো বুলি কৰা প্ৰশ্নটো দলিয়াই পেলাব নোৱাৰি।

প্ৰকাশকে যিখন চেক দিয়া বুলি কৈছিল সেই চেকখনত তেওঁ 'বুদ্ধজায়া' নামৰ গ্ৰন্থখনত ৰয়লিটিৰ বাবদ ৫ বাৰ ফোন কৰাৰ পাছত দি পঠোৱা বুলি কৰা ৰাজহুৱা মন্তব্য়ৰ উত্তৰ অৱশ্যে প্ৰকাশকে দিয়া নাই।

তাৰ বিপৰীতে গল্পকাৰ সঞ্জীৱ পল ডেকাই ৰাজহুৱা কৰিলে তেওঁ এই এপত থকা গ্ৰন্থৰ বাবে পোনপটীয়াকৈ প্ৰতিখন গ্ৰন্থৰ বাবদ ১৫ হাজাৰকৈ টকা লাভ কৰিছিল। ১৫০০ টকা আয়কৰ কাটি বাকীধন তেওঁ লাভ কৰিছিল।

এইবোৰ আলোচনাৰ মাজতেই বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাই তেওঁৰ দুখন কিতাপৰ ১২ টা গল্প এই প্লেটফৰ্মত থকাৰ কথা জানিব পাৰে। কিন্তু সেই সন্দৰ্ভত প্ৰকাশকে তেওঁক কোনো কথা স্পষ্টকৈ জনোৱা নাছিল বুলি জানিব দিয়ে।

এখন চিঠি দিলেই সেয়া এক চুক্তি পত্ৰ হব নোৱাৰে বুলি উল্লেথ কৰি প্ৰকাশকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই অপূৰ্ব শৰ্মাই। প্ৰকাশকে অতি কৌশলেৰে তেওঁ প্ৰকাশন গোষ্ঠীৰ পৰা প্ৰকাশিত কিতাপসমূহ ষ্টৰী টেলত দিয়া অভিযোগ উত্থাপন কৰে আন কেইবাজনো লেখক-লেখিকাই। দিব্যজ্যোতি বৰাইও আইনৰ কাষ চাপিব এই সন্দৰ্ভত।

ইফালে অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ কেইবাখনো গ্ৰন্থ ষ্টৰীটেলত দিয়া বুলি উল্লেখ কৰি কয়, মোৰ এখন গ্ৰন্থ আঁক-বাকে ষ্টৰীটেলত দিবলৈ অনুমতি লৈছিল। সেই গ্ৰন্থখনৰ বাবদ মই অৱশ্যে কোনো ধন আঁক-বাকৰ পৰা লাভ কৰা নাই। আন কেইখন গ্ৰন্থৰ নামত মই ইতিমধ্যে ধন লাভ কৰিছো পোনপটীয়াভাৱে। এই সন্দৰ্ভত তেওঁ প্ৰকাশকৰ সৈতে কোনো কথা পতা নাই বুলি জানিব দিয়ে।

'বুদ্ধজায়া' নামৰ উপন্যাসখনৰ তথ্যও ভুলকৈ ষ্টৰীটেলত আছে বুলি কয় গীতালি বৰাই। এই উপন্যাসখন বায়গ্ৰাফী শিতানত ৰখা হৈছে ষ্টৰীটেলত। ষ্টৰীটেলৰ হৈ সেই সময়ত কাম কৰা মৈত্ৰেয়ী পাটৰৰ পৰা এই সন্দৰ্ভত লিখিত উত্তৰ বিচাৰিছে গীতালি বৰাই।

যিসকলৰ সৈতে এই কাণ্ড হৈছে সেই সকলে প্ৰতিবাদ কৰিছে। এয়া এতিয়া এজন প্ৰকাশক আৰু এগৰাকী লেখিকাৰ বিষয় হৈ থকা নাই। কপিৰাইট আইনৰ অধীনত প্ৰকাশকক জবাবদিহী কৰিছে আইনগতভাৱে। হয়তো প্ৰকাশকেও সেই উত্তৰ দিব আদালতৰ মজিয়াত।

গীতালি বৰাৰ কথা, কেৱল তেওঁ নিজৰ বাবে যুঁজা নাই। এই যুঁজ লিখক-লেখিকাৰ বাবে।এই কথাখিনি পোহৰলৈ নহাহ'লে আন্ধাৰতেই থাকি গ'লহেতেন এই অধ্যায়। তেওঁলোকে বিচাৰিছে প্ৰকাশকগৰাকীয়ে নিস্বাৰ্থ ক্ষমা বিচাৰক ৰাজহুৱাভাৱে।

গীতালি বৰাই অনুভৱ কৰিছে তেওঁৰ সৈতে মানহানি হৈছে। মানসিক স্বাস্থ্যক লৈ ভূক্ৰুটি কৰিছে। মৈত্ৰেয়ী নামৰ সমন্বয়কগৰাকীৰ সৈতে চুক্তি হৈছিল গীতিলি বৰাৰ। অৰ্গল খোলা প্ৰিয়ম্বদা, ডৰিয়লি, নীৰবধি নিৰঞ্জনাৰ বাবে চুক্তি হোৱাৰ পাছত একে দুখন কিতাপৰ চুক্তি আঁক-বাকৰ লগত কেনেকৈ হ'ল বুলি গীতালি বৰাৰ পোনপটীয়া প্ৰশ্ন প্ৰকাশকৰ প্ৰতি।

সেই সময়ত ষ্টৰীটেলৰ সৈতে জড়িত মৈত্ৰেয়ী পাটৰে জানিবলৈ দিয়ে মতে- ৩১ খন কিতাপৰ বাবে চুক্তি হৈছিল আক-বাকৰ সৈতে। চুক্তি অনুসৰি ধৰি ধন আঁক-বাকক দিয়া হৈছে। সেই ধনৰ ৫০ শতাংশ লেখকে আৰু ৫০ শতাংশ প্ৰকাশকে পাব লাগে। বহু লেখকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিব নোৱাৰাত প্ৰকাশকৰ সৈতে যোগাযোগ কৰা হৈছিল। এতিয়া লেখকে সেই ধন পোৱা নাই বা তেওঁলোকৰ অনুমতি লোৱা নাছিল সেই সন্দৰ্ভত আইনৰ কাষ চাপিব পাৰে।

সামাজিক মাধ্যমত সপক্ষে-বিপক্ষে যুঁজ চলি আছে। প্ৰতিষ্ঠিত লেখকলৈও প্ৰকাশকৰ আবেগ ভৰা মেছেজ গৈছে। এয়া কাৰোবাৰ পক্ষত নহয়, এনে কাম বাস্তৱতে যদি কোনোবাই অধিক ব্যৱসায় লাভত কৰে লেখককেই আঁৰত ৰাখি কৰিছে সেয়া গৰিহনাৰ যোগ্য।

ষ্টৰীটেলৰ এই অধ্যায় আলোচনাৰ মাধ্যমেৰে সমাপ্তি ঘটক। অসমীয়া সাহিত্যৰ এনে বিশ্বমুখী উত্তৰণত লিখক-প্ৰকাশক, পাঠক, শ্ৰোতা সহযোগী হওক। লবীবাদ, নিজকে শ্ৰেষ্ঠ বুলি থকা প্ৰৱণতাৰ পৰা মুক্ত হৈ সকলোৱে স্বচ্ছতাৰে অসমীয়া সাহিত্য শ্ৰীবৃদ্ধিৰ বাবে কাম কৰক। ষ্টৰী টেলৰ এই ষ্টৰী শেষ হ'ব। কিন্তু এনে সংঘাতে লেখক-প্ৰকাশক হতাশ কৰিব।

'ষ্টৰীটেল'ৰ ষ্টৰী...
আমাৰ মাতৃভাষা, আমাৰ দায়িত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in