HS ৰ প্ৰশ্ন কাকত ভাইৰেলঃ ছাত্ৰীয়ে প্ৰেৰণ কৰিছিল স্বামীলৈ...

HS ৰ প্ৰশ্ন কাকত ভাইৰেলঃ ছাত্ৰীয়ে প্ৰেৰণ কৰিছিল স্বামীলৈ...
HS ৰ প্ৰশ্ন কাকত ভাইৰেলঃ ছাত্ৰীয়ে প্ৰেৰণ কৰিছিল স্বামীলৈ...

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত চলাই ইয়াৰ সৈতে জড়িতক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ সোমবাৰৰ প্ৰথম দিনটোত আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা।

পৰীক্ষা আৰম্ভ হোৱা ডেৰ ঘণ্টাৰ পাছতে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰে। সোমবাৰেই এই প্ৰশ্নকাকত পৰ্বতঝৰা ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা ভাইৰেল হোৱাটো নিশ্চিত হোৱাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়।

এই ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি কয়, ইংৰাজী পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিছিল সুৰেশা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীয়ে প্ৰসাৱগাৰলৈ গৈ মোবাইলেৰে স্বামীলৈ প্ৰেৰণ কৰিছিল প্ৰশ্নকাকতৰ ফটো।

প্ৰশ্নৰ উত্তৰ বিচাৰি ছাত্ৰীগৰাকীয়ে অৱলম্বন কৰিছিল অসৎ পন্থা। ইয়াৰ পিছতে নিলম্বন কৰা হৈছে বিদ্যালয়খনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক। অভিযুক্ত প্ৰাৰ্থীৰ লগতে স্বামীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ন ছেকেণ্ডাৰী পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱা কিছু সময়ৰ পাছতে প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছিল। ঘটনা সন্দৰ্ভত ৰূপসী আৰক্ষীয়ে তদন্ত কৰি সমগ্ৰ ঘটনাক পোহৰলৈ আনে।

মন কৰিবলগীয়া যে, এইবাৰ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰী।

HS ৰ প্ৰশ্ন কাকত ভাইৰেলঃ ছাত্ৰীয়ে প্ৰেৰণ কৰিছিল স্বামীলৈ...
উত্তাল দিল্লীঃ প্ৰতিবাদকাৰী কৃষকলৈ কন্দুৱা গেছ, সীমান্তত কাইটীয়া বেৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in